গোসাঁইগাঁৱত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে দুটি কণমানিয়ে

68

মঙলবাৰে পুৱা মৰাপাটৰ খৰিৰ মাজত খেলি থকা সময়তে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে দুটি কণমানি শিশুৱে। গোসাঁইগাঁৱৰ কচুগাঁও থানাৰ অন্তৰ্গত গুৰুফেলাৰ নয়ানগৰত সংঘটিত এই হৃদয় বিদাৰক ঘটনাৰ পিছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

জানিব পৰা মতে, পুৱা সমনীয়াৰ সৈতে মৰাপাটৰ শুকান খৰিৰে খেলি আছিল চাৰি বছৰীয়া আৰ্ছিনা কিস্কু আৰু পাঁচ বছৰীয়া মণিৰাম হেমব্ৰমেও। কিন্তু সেই সময়তে কেনেবাকৈ মৰাপাটৰ শুকান খৰিত জুইৰ সূত্ৰপাত হোৱাত সেই জুইৰ মাজতে আৱদ্ধ হৈ পৰে শিশু দুটি। জুই দেখি শিশু দুটিয়ে চিঞৰাত দূৰৈত কাম কৰি থকা একাংশ লোকে দৌৰি আহি শিশু দুটিক উদ্ধাৰ কৰিবলৈ চেষ্টা চলায় যদিও তেতিয়ালৈকে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিছিল কণমানি শিশু দুটিয়ে। পিছত ঘটনাস্থলীত আৰক্ষী দল উপস্থিত হৈ শিশু দুটিৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।