গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিশা কৰ্তব্যৰত নাৰ্ছক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে হাস্পতালখনৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বিৰুদ্ধে। নিশা একেলগে দায়িত্ব সম্পাদন কৰি থকাৰ সময়তে সুৰেশ বড়ি নামৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে এগৰাকী নাৰ্ছক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে নাৰ্ছ গৰাকীয়ে। অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ইফালে, ভুক্তভোগী নাৰ্ছগৰাকীয়ে ঘটনাৰ বিষয়ে চিকিৎসালয়ৰ অধীক্ষকক লিখিত অভিযোগ দাখিল কৰে। অভিযোগৰ ভিত্তিতেই গোলাঘাট আৰক্ষীয়ে আটক কৰে লম্পট চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জনক। সম্প্ৰতি গোলাঘাট আৰক্ষী থানাৰ আলহী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন।