গোলাঘাটৰ এ এম চলিহা এছ’চিয়েটছ আৰু অনেক ফাৰ্মা গ্ৰুপত সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ অভিযান

66

গোলাঘাটঃ ৰাজ্য চৰকাৰৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ এটা দলে দেওবাৰে গোলাঘাটৰ এটা পুৰণি আৰু প্ৰতিষ্ঠিত ঔষধ পাইকাৰী প্ৰতিষ্ঠানত তালাচী অভিযান চলায়।

গোলাঘাটৰ এ এম চলিহা এছ’চিয়েটছ আৰু অনেক ফাৰ্মা গ্ৰুপত সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দলে তালাচী চলায়।

অৱশ্যে, দলটোৱে অনুসন্ধান অভিযান সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই। ইফালে এই অভিযানৰ ঘটনাই সোমবাৰে গোলাঘাটৰ ব্যৱসায়িক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে এই কোম্পানীটোৰ গৰাকীৰ এই বছৰৰ মে মাহত কোভিডৰ কাৰণে মৃত্যু হৈছিল আৰু এতিয়া তেওঁৰ পত্নীয়ে কোম্পানীটোৰ চোৱাচিতা কৰি আছে।