গোলাঘাটত শোকাবহ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

125

গোলাঘাট জিলাৰ কহঁৰাত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু ঘটে।

সোমবাৰে পুৱাৰ ভাগত কহঁৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগৰীজুৰিত সংঘটিত হয় এই ঘটনা।

লোকজনে এডাল হাঁকুটিৰে বিদ্যুতৰ তাঁৰত লাগি থকা গছৰ ডাল কাটি থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। এখন ট্ৰাক যাবলৈ ব্যক্তিজনে বাট মুকলি কৰি থকাৰ সময়তে অন্য দিশৰ পৰা অহা এখন অচিনাক্ত বাহনে মহতিয়াই দিয়ে লোকজনে।

ঘটনাৰ পিছত কমেও এঘণ্টা ধৰি পথ অৱৰোধ কৰি যাত্ৰীৰ যোগাযোগত ব্যাঘাত জন্মাইছিল।

ইফালে, কহৰা আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ বাহন পাৰ হ’ব পৰাকৈ ঠাইখিনি মুকলি কৰি দিয়ে।