গোলাঘাটত বাইক দুৰ্ঘটনাত দুজনৰ মৃত্যু

143

অসমৰ গোলাঘাট জিলাৰ বোকাখাতত সংঘটিত হিট এণ্ড ৰাণ দুৰ্ঘটনাত দুগৰাকী বাইক আৰোহীৰ মৃত্যু ঘটে।

বৃহস্পতিবাৰে সন্ধিয়া বৰষাপাৰা অঞ্চলত এই ঘটনা সংঘটিত হয়।

সূত্ৰই জনোৱা মতে, পিছফালৰ পৰা তীব্ৰবেগী এখন বাহনে বাইক আৰোহী দুজনক খুন্দা মৰাৰ ফলত দুয়োৰে থিতাতে মৃত্যু ঘটে।

নিহত দুজন হৈছে ভুৱনেশ্বৰ পেগু আৰু ৰোহিত দলে।

জানিব পৰা মতে, মৃত দুয়োজন খুমটাইত অৱস্থিত জয়া গগৈ হাইস্কুলৰ শিক্ষাৰ্থী আছিল।