গোলাঘাটত এশিঙীয়া গঁড়ৰ মৃতদেহ উদ্ধাৰ

207

গোলাঘাট জিলাত সোমবাৰে নিশা ধাননি পথাৰত মৃত অৱস্থাত উদ্ধাৰ হয় এটা এশিঙীয়া গঁড়।

জিলাখনৰ পদুমনি অঞ্চলত স্থানীয় লোকে ধাননি পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে মৃতদেহটো।

সূত্ৰ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিপথে পৰিচালিত হোৱা গঁড়টোৱে বিগত কেইদিন ধৰি জিলাখনৰ বিভিন্ন স্থানত ঘূৰি ফুৰিছিল।

ঘটনাৰ পিছতে স্থানীয় একাংশ লোকে ততাতৈয়াকৈ আৰক্ষী আৰু বন বিষয়াক খবৰ দিয়ে।

ইফালে কাজিৰঙাৰ পশু চিকিৎসকৰ লগতে বন বিষয়াৰ এটা দল সেই স্থানত উপস্থিত হয়।

কিন্তু বনকৰ্মীসকলে ইয়াৰ মৃত্যুৰ কাৰণ হিচাপে খাদ্যৰ উপলব্ধতাৰ অভাৱ বুলি সন্দেহ প্ৰকাশ কৰে।

পাঁচ দিন পূৰ্বে ইয়াত প্ৰৱেশ কৰা এই গঁড়টোৰ আক্ৰমণত দুজন বন বিষয়াসহ কমেও চাৰিজন লোক আহত হৈছিল।

স্থানীয় ৰাইজে দাবী কৰা মতে, জিলা প্ৰশাসনে গঁড়টোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰাই পঠিয়াবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে।