ঋতুপৰ্ণ শৰ্মা, নগাঁও– “অসমীয়া মহাজাতিক বিশ্বৰ বৰসভালৈ আগুৱাই নিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। গুৰুজনা আছিল আধুনিক সভ্যতাৰ বাৰ্তাবাহক। অসমবাসীক বিজ্ঞান সন্মত সাংস্কৃতিক মাৰ্গ দৰ্শনৰ পথ প্ৰদৰ্শক আছিল। গুৰু শংকৰৰ অৱদানৰ বাবে অসমীয়া জাতি যুগে যুগে সমৃদ্ধিশালী হৈ থাকিব অসমভূমিত। গুৰুজনাক বাদ দি আমাৰ জাতি সত্বাৰ অস্তিত্ব নাই। শংকৰ আমাৰ গুৰুৰো গুৰু জগতৰ গুৰু। বিশ্বৰ প্ৰথম নাট্যকাৰ আছিল আমাৰ গুৰুজনা। “চিহ্নযাত্ৰা” বিশ্ব নাট্য সাহিত্যত এক মাইলৰ খুঁটি। গুৰু শংকৰে সেই খুঁটিটো নিকপকপীয়াকৈ পুতিছিল গতিকে আজিৰ বিশ্ব সভ্যতাত আমি সাংস্কৃতিকভাৱে চহকী। সাহিত্য, কলা আৰু ধৰ্মীয় দৰ্শন কিম্বা অৰ্থনৈতিক চিন্তাৰ মাৰ্গ দৰ্শক আছিল জগতগুৰু শংকৰদেৱ। গুৰু শংকৰ আছিল একাত্ম মানৱতাবাদী দৰ্শনৰ ৰূপকাৰ, গুৰু শংকৰৰ শ্ৰীচৰণত সেৱা জনালেই দিনটোৰ বাবে মঙ্গল হয় বুলি মই বিশ্বাস কৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানত গোসাঁই বিহুৰ দিনা গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আমি মহাশান্তি লাভ কৰিবলৈ সক্ষম হৈছোঁ। গুৰুজনাৰ জীৱন দৰ্শনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মই ধন্য।’’

শনিবাৰে অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ গোসাঁই বিহুৰ দিনটোতে শ্ৰীশ্ৰীবটদ্ৰৱা থানত উপস্থিত হৈ সেৱা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱা হেলিকপ্টাৰেৰে অৱতৰণ কৰি পোনে পোনে বটদ্ৰৱা থানৰ নাটঘৰৰ মজিয়া উন্নীতকৰণ কাৰ্যৰ ফিটা কাটি মুকলি কৰে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ উদ্যোগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহাসিক সম্পদ স্বৰূপ নাটঘৰটোৰ আন্তঃগাঠনি নিৰ্মাণ মজবুত আৰু নিকপকপীয়া কৰাৰ প্ৰয়াস হিচাপে মজিয়াত মাৰ্বল লগোৱাৰ লগতে আধুনিক প্ৰযুক্তিগত চিলিং নিৰ্মাণ,নতুনকৈ হেঙুল হাইতালৰ ব্যৱহাৰেৰে ন ৰূপত সজোৱা হয় বটদ্ৰৱা থানৰ নাটঘৰটি। বটদ্ৰৱা থানৰ কাৰ্য্যালয় নিৰ্মাণ,সত্ৰাধিকাৰসকলৰ বহা, দামোদৰ আতা ভৱনৰ নিৰ্মাণ, সভাগৃহ, ভকত-বৈষ্ণৱৰ বহা, হাটীবহা নিৰ্মাণ, আকাশীগংগাৰ উন্নয়ণ আৰু সৌন্দৰ্য্যবৰ্দ্ধনৰ কাৰ্য্যক্ৰমনিকাৰ উপৰি সত্ৰাধিকাৰসকল, ভকত-বৈষ্ণৱ সকলৰ উপস্থিতিত মাংগলিক কাৰ্য্যক্ৰমনিকাত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইপিনে,বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীৰ আগমনক লৈ এক উখল মাখল পৰিৱেশ বিৰাজ কৰে। গায়ন-বায়ন আইসকলৰ নামেৰে মুখ্যমন্ত্ৰীক আদৰি অনা হয় বটদ্ৰৱা থানলৈ। মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱা থানত সেৱা গ্ৰহণ কৰি সত্ৰাধিকাৰ প্ৰমুখ্যে পৰিচালনা সমিতিৰ লগতো এক বাৰ্তালাপত মিলিত হয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই অচিৰেই বটদ্ৰৱা থানৰ কাৰ্য্যালয়, প্ৰশাসনীয় ভৱন,দামোদৰ আতা ভৱন,সভাঘৰ,সত্ৰাধিকাৰসকলৰ বহা,হাটীবহা,আকাশীগঙ্গাৰ সৌন্দৰ্য্যবৰ্দ্ধন আদিৰ বাবে প্ৰায় ২২ কোটি টকাৰ আঁচনিৰে নিৰ্মাণৰ প্ৰাককলন প্ৰস্তুত কৰি তোলা হৈছে বুলিও সদৰী কৰে।
বটদ্ৰৱা থানত সত্ৰাধিকাৰ আৰু ভকত-বৈষ্ণৱ সকলে দীৰ্ঘজীৱি হ’বলৈ নিষ্ঠাৰে জাতিৰ সেৱা আগবঢ়াই যাবলৈ হিয়া উজাৰি আশীৰ্বাদ দিয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাক। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্য ৰাজীৱ বৰঠাকুৰ আৰু ৰঞ্জিত মহন্তই আঁত ধৰা অনুষ্ঠানত পৌৰহিত্য কৰে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ’লগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তই ।
আদৰণি অনুষ্ঠানত অংশ লয় উপসভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, কাৰ্য্যকৰী সভাপতি ৰাজীৱ দত্ত, সাধাৰণ সম্পাদক অৰূপ শইকীয়া, সদস্য বিপিন বৰা, হিৰণ্য কলিতা, বিমল পাঠক, কোষাধ্যক্ষ আদিত্য বৰা, পংকজ বৰুৱা, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, থানৰ প্ৰাক্তন সম্পাদক ব্ৰজেন কাকতি, সমাজকৰ্মী ৰোহিনী বৰা, যুৱনেত্ৰী দেৱশ্ৰী বৰা প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে।

মুখ্যমন্ত্ৰীগৰাকীক ধৰ্মবস্ত্ৰ, কুঁহিলাৰ কঠ, শৰাই, চেলেং চাদৰ, সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়। উল্লেখ্য যে শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ দাঁতিকাষৰীয়া ৫ কিল’মিটাৰ ব্যাসাৰ্ধক কেন্দ্ৰবিন্দু হিচাপে লৈ অঞ্চলটোক সত্ৰ সংস্কৃতিৰ নগৰী হিচাপে ঘোষণাৰ বাবে এখন স্মাৰক পত্ৰও প্ৰদান কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড° শৰ্মা উপস্থিত হয় প্ৰথম অসমীয়া নাটকৰ “চিহ্নযাত্ৰা”ৰ থলী তথা প্ৰথম দৌল উৎসৱ অনুষ্ঠিত হোৱা বটদ্ৰৱাৰ ঐতিহাসিক দৌলমন্দিৰত। দৌল মন্দিৰত সেৱা গ্ৰহণ কৰি পৰবৰ্তী সময়ত মন্দিৰ গৃহটি উন্নীতকৰণ বাবে আঁচনি হাতত লোৱা হ’ব বুলি প্ৰকাশ কৰে আৰু অতি শীঘ্ৰে দৌল মন্দিৰৰ দেৱাল সুন্দৰকৈ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে।
আনহাতে, মুখ্যমন্ত্ৰী ড°শৰ্মাই বটদ্ৰৱাক আধ্যাত্মিক-সাংস্কৃতিক পৰ্যটনৰ অন্যতম কেন্দ্ৰৰূপে গঢ়িবলৈ ৰাজ্য চৰকাৰে ২০০ কোটি ব্যয়েৰে নিৰ্মাণ কৰি থকা প্ৰকল্পটিৰ কামৰ বটদ্ৰৱা থান পৰিদৰ্শন কালত অগ্ৰগতিৰ বুজ লয়।
