গেলেকীত জাতীয় সংগঠনৰ নামত ধনদাবীৰ ঘটনা

289

গেলেকীত জাতীয় সংগঠনৰ নামত ধনদাবীৰ ঘটনা ।।

জাতীয় সংগঠনৰ নাম লৈ ধনদাবী তিনি স্বয়ংভূ নেতাই।

তাৰ ভিতৰত দুজনক চিনাক্ত কৰিছে ভুক্তভূগী মহিলাই ।।
জেলৰ পৰা অভিযুক্তত মুকলি কৰি অনাৰ প্ৰতিশ্ৰুতিৰে 90 হাজাৰ টকা ধনদাবী কৰিলে তিনিজন সংগঠনৰ নেতাই ।
ধমেশ্বৰ ঘাটোৱাৰ , ৰাজীৱ মিদ্ধা আৰু এওলোকৰ এজন সহযোগী তিনি ধুৰন্ধৰ নেতাই মিলি আটছাৰ নাম লৈ কৰিছিল ধন দাবী ।।
দাবী কৰা ধনৰ প্ৰথম কৃষ্টি 20 হাজাৰ টকা বেংক একাউণ্টৰ যোগেদি সংগ্ৰহ কৰিলে ভুক্তভোগী পৰিয়ালৰ পৰা ।
এই নেতা কেইজন প্ৰকৃততে আটছা গোটৰ হয় নে নহয় আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।
বৰ্তমান ভুক্তভোগী মহিলাৰ এজাহাৰৰ ভিত্তিত গেলেকী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানো পলাতক অৱস্থাত আছে দেওপানী বাগিছাৰ ধমেশ্বৰ ঘাটোৱাৰ আৰু লিগিৰী পুখুৰীৰ ৰাজীৱ মিদ্ধা নামৰ ধনদাবীৰ মূল অভিযুক্ত ।