গেলেকীত উত্তপ্ত পৰিস্থিতি

286

গেলেকীত উত্তপ্ত পৰিস্থিতি।

অ’এনজিচিৰ তৈলক্ষেত্ৰৰ চাৰিসীমাৰ ভূমিত বেদখল কাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান।

অবৈধ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে মহাৰত্ন কোম্পানী ONGC কতৃপক্ষ ।

ইয়াকে লৈ উত্তপ্ত হৈ পৰিল নাজিৰা গেলেকীত ।

মহাৰত্ন কোম্পানী ONGC ৰ গেলেকী চাৰিআলিস্থিত তৈলক্ষেত্ৰটোৰ চাৰিসীমাৰ ভূমি বিগত প্ৰায় ৩০ বছৰ ধৰি অবৈধভাৱে বেদখল কৰি আহিছিল বিহাৰৰ পৰা অহা একাংশ লোকে ।

চলিত ২০২০ বৰ্ষৰ পৰা ONGC কতৃপক্ষই বেদখলকাৰীসকলক আতৰি যাবলৈ নিৰ্দেশনা জাৰি কৰি আহিছিল ।

কিন্তু বেদখলকাৰীসকলে তেল প্ৰাকৃতিক গেছ নিগম চমুকৈ ONGCৰ কৰ্তৃপক্ষক আওকাণ কৰি অহাত আজি ONGCয়ে উচ্ছেদ অভিযান চলাই ১৩/১৪টাকৈ পৰিয়ালৰ বাসগৃহত।

গেলেকীৰ তিলক আগৰৱালা,পৱন আগৰৱালা,দুৰ্গা প্ৰসাদ আগৰৱালাকে ধৰি কেইবাগৰাকীয়ো ব্যক্তিয়ে নিজৰ পট্টা মাটি বুলি ONGCৰ মাটি বিক্ৰী কৰিছিল বুলি অভিযোগ কৰিছে উচ্ছেদিত পৰিয়ালকেইটাই ।