গুৱাহাটী ৰে’ল ষ্টেছনত ২০ লাখ টকাসহ আটক এজন

264

গুৱাহাটী ৰে’লৱে ষ্টেছনত উদ্ধাৰ কেইবালাখ টকা।

ৰে’ল আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে প্ৰায় ২০ লাখ টকা।

ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ ধনখিনি।

প্ৰথমে এটা বেগৰ ভিতৰত ডেৰ লাখ টকা উদ্ধাৰৰ পিছতে আন এটা চ্যুটকেছৰ ভিতৰতো উদ্ধাৰ হয় ১৮ লাখ টকা।

ঘটনা সন্দৰ্ভত ৰবীন কুমাৰ নামৰ এজন লোককো আটক কৰিছে আৰক্ষীয়ে।

ধৃত ৰবীন কুমাৰৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে জেৰা চলাই থকা হৈছে ৰবীন কুমাৰক।