গুৱাহাটী ৰে’ল ষ্টেছনত প্ৰায় ১৫ লাখ টকা মূল্যৰ গাঞ্জা জব্দ

220

শুকুৰবাৰে পুৱা গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে এখন ৰে’লৰ পৰা বিপুল পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰে।

প্ৰায় ১৩০ কিলোগ্ৰাম ওজনৰ গাঞ্জাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় এখন ৰাজধানী এক্সপ্ৰেছ ৰে’লৰ পৰা।

উদ্ধাৰ হোৱা গাঞ্জাৰ আনুমানিক মূল্য প্ৰায় ১৫ লাখ টকা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ডিমাপুৰৰ পৰা বিহাৰলৈ নিষিদ্ধ সামগ্ৰী কঢ়িয়াই অনা হৈছিল।

গুৱাহাটী ৰেলৱে আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত চলা অভিযানত উদ্ধাৰ কৰে গাঞ্জাখিনি।

এই জব্দ সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

অধিক তদন্ত অব্যাহত আছে।