গুৱাহাটীঃ কুখ্যাত খাৰগুলী ‘ৰেভ’ পাৰ্টীৰ অভিযুক্ত ছয়জন লোকক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে। অৱশ্যে, উচ্চ ন্যায়ালয়ে আন ৫জন অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে।
১৩ আগষ্টত আৰক্ষীয়ে গুৱাহাটীৰ খাৰগুলী পাহাৰৰ ৰিভাৰিয়া এপাৰ্টমেণ্টৰ এটা ফ্লেটত অমিত বৰুৱাৰ জন্মদিনৰ পাৰ্টিত কোকেইন সেৱন কৰাৰ অভিযোগত ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, ফ্লেটটোত এটা ৰেভ পাৰ্টিৰ আয়োজন কৰা হৈছিল।
আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মুঠ ১৯ জন লোকক আটক কৰিছে। ইয়াৰে ১২ জন অভিযুক্তই জামিনৰ বাবে আবেদন জনাইছিল।
গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙৰ মতে, এই ৰেভ পাৰ্টীৰ আয়োজক বিকাশ জৈন আৰু আন ১৭ জন অতিথিক চাৰি কিলোগ্ৰাম কোকেইন আৰু বিভিন্ন প্ৰকাৰৰ অপতৃণ ৰখাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ইফালে ড্ৰাগছৰ যোগানকৰ্তা তথা মুখ্য অভিযুক্ত বিশাল চৌধুৰীকো আৰক্ষীয়ে ২৮ আগষ্টত দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে।
কিন্তু বিশাল চৌধুৰীয়ে ৪ ছেপ্টেম্বৰত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাৰ পিছত ভৰিত গুলী লাগি বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।
আৰক্ষী আয়ুক্ত হৰমিত সিঙে লগতে কয় যে ড্ৰাগছ ক্ৰয়, বিক্ৰী আৰু সেৱনকৰাৰ উপৰিও অভিযুক্তজনে কোভিড-১৯ প্ৰটোকল উলংঘা কৰিছে আৰু অসম চৰকাৰৰ আদেশৰ বিৰুদ্ধে কাম কৰি বৃহৎ সংখ্যাত একত্ৰিত হৈছে।
ইফালে, মহানগৰ আৰক্ষী বিভাগে কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত গোচৰটোৰ এজন তদন্তকাৰী আৰক্ষী বিষয়া তথা লতাশিল আৰক্ষী থানাৰ এএছআই তাৰাপ্ৰসাদ সিঙক নিলম্বন কৰিছে।