গুৱাহাটী মহানগৰীত মাছ,মাংস আৰু শাক পাচলি, ফলমূল বিক্ৰীক লৈ কামৰূপ জিলা প্ৰশাসনৰ বাধা আৰোপ

89

ষ্টাফৰিপৰ্টাৰ, ১১ জুন: গুৱাহাটী মহানগৰীত মাছ,মাংস আৰু শাক পাচলি, ফল-মূল বিক্ৰীক লৈ পুনৰ বাধা আৰোপ কামৰূপ জিলা প্ৰশাসনৰ।এতিয়াৰে পৰা অনুজ্ঞা পত্ৰ নাথাকিলে বিক্ৰী কৰিব নোৱাৰিব মাছ-,মাংস আৰু শাক পাচলি, ফল-মূল। বিক্ৰী কৰিবলৈ হলে এতিয়াৰে পৰা ল’ব লাগিব বিভাগীয় অনুমতি।অনুমতিবিহীনভাৱে বিক্ৰী কৰিলে ব্যৱসায়ী জনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব প্ৰশাসনে।উল্লেখযোগ্য যে, অস্বাস্হ্যকৰ পৰিবেশত সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ লাভ কৰাৰ পিছতে কঠোৰ ব্যৱস্থা হাতত লৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।আনহাতে প্ৰশাসনে পৰৱৰ্তী সিদ্ধান্ত নোলোৱা পৰ্যন্ত এই নিয়ম প্ৰযোজ্য থাকিব বুলি জানিবলৈ দিছে।