গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱা পানী যোগানৰ লগতে মাটি পট্টা দিয়াৰ বাবে চৰকাৰক আহ্বান গুৱাহাটী বহুমুখী উন্নয়ন পৰিষদৰ

86

ষ্টাফৰিপৰ্টাৰ, ২০ জুন : গুৱাহাটী বহুমুখী উন্নয়ন পৰিষদৰ সভাপতি সোণাৰুল শ্বাহ মুস্তাফা, সাধাৰণ সম্পাদক ভূপেন শৰ্মাই গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱা পানী যোগানৰ লগতে মাটি পট্টা দিয়াৰ বাবে চৰকাৰক আহ্বান জনায়। এই সম্পৰ্কে
গুৱাহাটী বহুমুখী উন্নয়ন পৰিষদৰ সভাপতি সোণাৰুল শ্বাহ মুস্তাফাই কয় ” গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপি চৰকাৰে বিশুদ্ধ খোৱা পানী যোগান ধৰিব নোৱাৰাটো দুখঃ জনক। গুৱাহাটীৰ মহানগৰীৰ বিভিন্ন অঞ্চলত চৰকাৰী ভূমিত ১৫ বছৰৰ অধিক বসবাস কৰা খিলঞ্জীয়া জনসাধাৰণক অনতি পলমে মাটিৰ পট্টা দিবলৈ চৰকাৰক আহ্বান জনালোঁ।”