গুৱাহাটী মহানগৰীত আজি নাপাব সুৰা…

81

গুৱাহাটীঃ আজি মহানগৰীত বন্ধ থাকিব সুৰাৰ বিক্ৰী আৰু ক্ৰয়। বিজয়া দশমী উপলক্ষে আজিৰ দিনটো ড্ৰাই ডে’ ঘোষণা কৰিছে অসম আবকাৰী বিভাগে। দশমী উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি আজি কামৰূপ মেট্ৰ’পলিটিয়ান জিলাত বাৰ আৰু সুৰাৰ দোকান বন্ধ ৰখা হ’ব।

ড্ৰাই ডে’ উলংঘা কৰা বিক্রেতা আৰু ক্রেতাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সকীয়নী প্ৰদান কৰিছে আবকাৰী বিভাগে। দশমীৰ দেৱী বিসৰ্জনৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এই ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।