গুৱাহাটী প্ৰেছ ক্লাৱত স্বাধীনতা দিৱস পালন

75

গুৱাহাটী:- দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস এইবাৰ গুৱাহাটী প্ৰেছক্লাৱত শনিবাৰে অনুষ্টুপিয়াকৈ আয়োজন কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাব প্ৰাংগণত ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথে পতাকা উত্তোলন কৰাৰ পাছতেই সাংবাদিক, সংবাদ কৰ্মী সকলৰ মাজত আয়োজন কৰা চিত্ৰাংকণ প্ৰতিযোগীতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হ’য়।

চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক গালিবুৰ ৰহমানে, দ্বিতীয় নিয়মীয়া বার্তাৰ জ্যেষ্ঠ কার্টুনিষ্ট উৎপল বৰাই আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে সংবাদ লাইভৰ কেমেৰা পাৰ্চন সঞ্জয় দাসে।

গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক সঞ্জয় ৰায়ে অনুষ্ঠানত চমু বক্তব্য আগবঢ়ায়। অনুষ্ঠানত হুমায়ুন চৌধুৰীৰ সামগ্ৰিক পৰিচালনাৰে সাংবাদিক অনুপমা ডেকা, নুপূৰ বৰুৱা, দিপাঞ্জলী ডেকা, দেৱপ্ৰতীম বৰুৱা, অংশুমণি নাথ, ধীৰাজ ডেকা, মনোজ ডেকা, নীলকান্ত সিনহাই সমবেত সংগীত পৰিবেশন কৰে। মচফীকা আহমেদে আঁত ধৰা অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া সম্পাদক ধীৰাজ হাজৰিকাৰ লগতে অন্যান্য সদস্য সকল উপস্থিত থাকে।