গুৱাহাটী পৌৰ নিগমৰ উপায়ুক্ত দেৱাশীষ শৰ্মাক মৰিগাঁৱলৈ বদলি…

155

শুকুৰবাৰে অসমৰ কেইবাটাও শীৰ্ষ প্ৰশাসনিক পদত এক বৃহৎ সালসলনি কৰি গুৱাহাটী পৌৰ নিগমৰ উপায়ুক্ত আই এ এছ দেৱাশীষ শৰ্মাক বদলি কৰি মৰিগাঁও জিলাৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হয়।

অসমৰ ৰাজ্যপালৰ এক আনুষ্ঠানিক আদেশে এই পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰে। তেওঁৰ ঠাইত জিএমচিৰ উপায়ুক্ত হিচাপে নিযুক্তি লাভ কৰিব শিৱসাগৰ জিলাৰ উপায়ুক্ত আই এ এছ মেঘা নিধি দাহালে।

তাৰ বাহিৰেও মৰিগাঁৱৰ উপায়ুক্ত আই এ এছ প্ৰকাশ ৰঞ্জন ঘৰফলীয়াক বদলি কৰি ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সম্পাদক হিচাপে নিযুক্তি দিয়া হয়।