গুৱাহাটী আনলক -১

86

ষ্টাফৰিপৰ্টাৰ, ২০ জুলাইৰ পৰা গুৱাহাটীত কিছু শিথিল হ’ব লকডাউন :
১) প্ৰতি সপ্তাহৰ শণি আৰু দেওবাৰে হ’ব সম্পূৰ্ণ লকডাউন ।
২) ২০ জুলাইৰ পৰা প্ৰতিদিনে সন্ধিয়া ৬ বজাৰ পৰা পিছদিনা পুৱা ৬ বজালৈকে সান্ধ্য আইন ।
৩) ব্যক্তিগত বাহন গুৱাহাটীৰ বাহিৰলৈ যোৱা নিষেধ ।
৪) অনাহকত ব্যক্তিগত বাহনৰ চলাচল নিষেধ ।
৫) ২০ জুলাইৰ পৰা গুৱাহাটীত এদিনত ৰাস্তাৰ যিকোনো এফালেহে সকলোধৰণৰ দোকান খোলা থাকিব পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ।
৬) জীম, ৰেষ্টুৰেণ্ট, ছুইমিং পুল, বিদ্যালয়, চেলুন, মহাবিদ্যালয়, শ্বপিং মল, চিনেমা হল বন্ধ থাকিব ।
৭) হোটেল, ৰেষ্টুৰেণ্টে হোম ডেলিভাৰী দিব পাৰিব।
৮) ২০ আৰু ২১ জুলাইত আন্তঃ জিলা পৰিবহন খুলিব। ২২ জুলাইৰ পৰা আন্তঃ জিলা পৰিবহন বন্ধ ।
৯) চৰকাৰী কাৰ্যালয় চলিব ৩০% কৰ্মচাৰীৰ উপস্থিতিত ।
১০) মাস্ক নিপিন্ধিলে ১০০০ টকা জৰিমনা ।