গুৱাহাটীৰ ৰ’টাৰী ক্লাৱত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ…

83

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে বৃহস্পতিবাৰে দলৰ গুৱাহাটী জিলা সমিতিখনে লাইকা-দধিয়াৰ দুৰ্গতক সংস্থাপনৰ লগতে বান-গৰাখহনীয়াৰ ক্ষতিগ্ৰস্তক সংস্থাপনৰ দাবীত গুৱাহাটীৰ ৰ’টাৰী ক্লাৱত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

অসম জাতীয় পৰিষদৰ প্ৰায় শতাধিক সদস্য-কৰ্মী উপস্থিত থকা এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে। অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মিছলীয়া, নৰেন্দ্ৰ মোডী ভাৱৰীয়া, বিজেপি হায় হায় আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। অৱস্থান কাৰ্যসূচীত উপস্থিত থাকি এজেপিৰ যুটীয়া সমন্বয়ক প্ৰিন্স ফাইজুল হকে কয়-“হৰিশঙ্কৰ ব্ৰহ্ম কমিটীৰ প্ৰতিবেদন কাৰ্যকৰী কৰি ভূমিহীনক প্ৰদান কৰিব লাগে ভূমি পট্টা।”