ষ্টাফ ৰিপোৰ্টাৰ : গুৱাহাটীৰ হাতীগাঁৱত এখন গাড়ীত ১৭ লাখ টকা জব্দ কৰা হৈছে। নিশা হাতীগাঁও আৰক্ষীয়ে নগদ ধন সহ গ্ৰেপ্তাৰ কৰে দুজনক।
আৰক্ষীৰ জালত এছ বিৰ কনিষ্টবল সঞ্জীৱ কুমাৰ দাস, ব্যৱসায়ী ইফটিকাৰ আলী।
আৰক্ষীয়ে জব্দ কৰিছে এ এছ ০১ বি জি ২৪৪৩ নম্বৰৰ মহিন্দ্ৰাৰ ভেৰিট’ গাড়ী।
নিশা তালাচীৰ সময়ত হাতীগাঁৱৰ লখিমীনগৰত জব্দ কৰিলে গাড়ী, ধন। আৰক্ষীৰ মতে দিছপুৰৰ দিশৰ পৰা জুৱা খেলি আহি আছিল দুয়ো। এই ধনৰ সৈতে শাসকীয় দলৰ উজনিৰ ২ বিধায়কৰ সম্পৰ্কৰো অভিযোগ উত্থাপন হৈছে।