ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ ”অকণিৰ সাহিত্য সভা”ৰ হৈ নগাঁৱৰ পৰা প্ৰকাশ পাই অহা এটকীয়া শিশু-কবিতাৰ পত্ৰিকা ‘প্ৰিয়বন্ধু’ৰ চতুৰ্থ সংখ্যাটি ১ জুনত গুৱাহাটীৰ চছলত উন্মোচন কৰে বিশিষ্ট শিশু-সাহিত্যিক শশীন্দ্ৰ কুমাৰ অধিকাৰীয়ে৷ পত্ৰিকাখন উন্মোচন কৰি অধিকাৰীয়ে কয় যে শিশু সাহিত্যৰ পথাৰখনত প্ৰিয়বন্ধু এক সু সংযোজন।
বিশিষ্ট অতিথিৰ ভাষণত থানেশ্বৰ মালাকাৰে কয় যে সাধাৰণতে সভাগৃহ আদিত গ্ৰন্থ-আলোচনী উন্মোচন হয়। এনেদৰে সুব্যক্তিৰ গৃহত ‘প্ৰিয়বন্ধু’ৰ উন্মোচন আৰু উন্মোচনৰ পৰম্পৰা প্ৰশংসনীয়৷ চতুৰ্থ সংখ্যাৰ সম্পাদক সুৰেন্দ্ৰ মোহন দাসে কয় যে সুন্দৰ ছন্দ আৰু ছবিয়ে শিশুক বিশেষভাৱে আকৰ্ষণ কৰে আৰু কিতাপ পঢ়া আৰু লিখাৰ বাবেও ধাউতি বঢ়ায়।
উল্লেখ্য যে পত্ৰিকাখনৰ প্ৰথম তিনিটা সংখ্যা সম্পাদনা কৰিছিল যথাক্ৰমে শিশু-সাহিত্যিক শান্তনু তামুলী, শান্তিছায়া শইকীয়া আৰু কাৰুণ্য ভট্টাচাৰ্যই৷ সভাত যোগানন্দ মহন্ত, ৰাকেশধিৰ মেধি, জুতিকা শৰ্মা, নলীন মহন্ত আদি ভালেকেইজন লেখক-লেখিকাই স্বৰচিত কবিতা পাঠ কৰে আৰু বক্তব্য আগবঢ়ায়৷ শেষত অসম সংগীতেৰে সভা সামৰণি মৰা হয়৷