গুৱাহাটীৰ আমিনগাঁৱত স্থাপন হ’ব ইছৰোৰ কেন্দ্ৰ

66

৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনটোতে অসমবাসীয়ে শুনিব পালে এটা সুখবৰ। গুৱাহাটীৰ আমিনগাঁৱত স্থাপন হ’ব ইছৰোৰ কেন্দ্ৰ।

উল্লেখ্য, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ মুখ্য কেন্দ্ৰটো তখা উৎক্ষেপণ কেন্দ্ৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত আছে। এই কেন্দ্ৰটোৰ নাম হ’ল সতীশ ধৱন মহাকাশ কেন্দ্ৰ। ভাৰতৰ প্ৰথমটো কেন্দ্ৰ আছে কেৰালাৰ থিৰুৱন্থপুৰমত।

বৰ্তমান ভাৰতৰ মুঠ ২০টা স্থানত ভাৰতীয় মহাকাশ গৱেষণাৰ কেন্দ্ৰ আছে। শ্বিসঙতো আছে এটা কেন্দ্ৰ। এতিয়া একবিংশতম কেন্দ্ৰটো অসমৰ আমিনগাঁৱত স্থাপন কৰিব বুলি সদৰি কৰিছে।

উল্লেখযোগ্য যে, ২০১৭ চনতে অসমত ইছৰোৰ কেন্দ্ৰ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু ইয়াৰ বাবে সঠিত স্থান হে নিৰ্ণয় কৰিব পৰা নাছিল চৰকাৰে।