ষ্টাফৰিপৰ্টাৰ, ২২ জুন : গুৱাহাটীত সম্প্ৰতি কৰ’না ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এইবাৰ কৰ’না হটস্পট অঞ্চলভেদে লকডাউন হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে এখন সংবাদমেল যোগে এই কথা সদৰী কৰে। স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় “ৱাৰ্ড নং ২, ৩, ৪, ৫, ১০, ১৫ আৰু ১৬নং ৱাৰ্ডত হ’ব পাৰে লকডাউন।প্ৰথম পৰ্যায়ত ৭ দিনৰ বাবে হ’ব লকডাউন। প্ৰয়োজন সাপেক্ষে এই লকডাউন ১৪ দিনলৈ বৃদ্ধি কৰা হ’ব।বিশেষকৈ মহানগৰৰ ৭ টা ৱাৰ্ডক লৈ এতিয়া অধিক চিন্তিত হৈ পৰিছে মন্ত্ৰী গৰৱকী। পাণ্ডু, মালিগাওঁ, মাছখোৱা, ফাঁচীবজাৰ, ধীৰেনপাৰা, ফটাশিল আমবাৰী, লখৰা, জালুকবাৰী কৰ’নাৰ হটস্পট হ’ব পাৰে বুলি সন্দেহ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ স্বাস্থ্য বিভাগে লকডাউন ঘোষণা নকৰে। কামৰূপ( ম) জিলা প্ৰশাসনে ল’ব সিদ্ধান্ত। মঙলবাৰৰ সন্ধিয়া ৬ বজাৰ পৰা মহানগৰীৰ ২,৩,৪,৫,১০,১৫,১৬ ৱাৰ্ডত সম্পূৰ্ণ লকডাউন হ’ব
১৪ দিনৰ বাবে অঞ্চলসমূহত থাকিব সম্পূৰ্ণ লকডাউন।উল্লেখযোগ্য যে সোমবাৰে সন্ধিিয়া মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
