গুৱাহাটীত ভয়ানক গণ সংক্ৰমণ! কেতিয়াৰ পৰা হ’ব ল’ক ডাউন? সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা

107

গুৱাহাটীত ভয়ানক গণ সংক্ৰমণ! ল’ক ডাউনৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মহানগৰৰ কোৰোণা হটস্পট অঞ্চলত ল’ক ডাউন বলৱত্‍ কৰাৰ সম্ভাৱনা। আগন্তুক সাত দিনৰ বাবে ল’ক ডাউন বলৱত্‍ হোৱাৰ সম্ভাৱনা। সন্ধিয়া এই সন্দৰ্ভত মন্ত্ৰী গৰাকী মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ব। মন্ত্ৰীগৰাকীৰ মতে, ৱাৰ্ড নং ২, ৩, ৪, ৫, ১০, ১৫, ১৬ত হ’ব পাৰে ল’ক ডাউন। এই ক্ষেত্ৰত কামৰূপ মহানগৰ প্ৰশাসনে ল’ব সিদ্ধান্ত।গুৱাহাটীত নতুনকৈ ১১১ জন লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছ।  ইয়াৰ এজনৰো নাই ট্ৰেভেল হিষ্ট্ৰী। মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীত ইমান সংখ্যক কোৰোণা পজিটিভ কেচ ধৰা পৰে। এই সংখ্যা অনাগত দিনত বৃদ্ধি পোৱাৰ সম্ভাৱনা। ইতিমধ্যে তিনি লাখ লোকৰ কোৰোণা পৰীক্ষা কৰা হৈছে।গুৱাহাটী মহানগৰীকলৈ এতিয়া চিন্তাত পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। মন্ত্ৰীগৰাকীয়ে কয় যে, সমগ্ৰ মহানগৰতে ধৰা পৰিছে কোৰোণা ভাইৰাছ। ফাঁচি বজাৰ কোৰোণাৰ হটস্পট হৈ পৰিছে। লগতে পাণ্ডু, মালিগাওঁ, মাছখোৱা, ফাঁচীবজাৰ, ধীৰেনপাৰা, ফটাশিল আমবাৰী,  লখৰা, জালুকবাৰী কোৰোণাৰ হটস্পট হ’ব পাৰে বুলি সন্দেহ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।