গুৱাহাটীত ব্যৱসায়ীক হত্যাৰ গোচৰত সোধা-পোছাৰ বাবে দুজনক আটক…

200

গুৱাহাটীঃ সোমবাৰে গুৱাহাটীত ৬২ বছৰীয়া ব্যৱসায়ীক হত্যা কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন লোকক সোধা-পোছাৰ বাবে আটক কৰিছে মহানগৰ আৰক্ষীয়ে।

সোমবাৰে গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলত ঘটনা সংঘটিত হোৱা স্থানৰ পৰা দিছপুৰ আৰক্ষীয়ে ৰাজা দাস আৰু ৰাচিদুল আলী নামৰ দুজন যুৱকক আটক কৰে।

সোমবাৰে পাঞ্জাবাৰীৰ বেংকৰ সন্মুখত মটৰ চাইকেল আৰোহী দুজন অচিনাক্ত যুৱকে গুলীয়াই হত্যা কৰে ব্যৱসায়ী ৰঞ্জিত বৰাক।

পশ্চিম অসম গাখীৰ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ উদ্যোগত পুৰবী ব্ৰেণ্ড নামেৰে প্ৰস্তুত কৰা গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ বিতৰক আছিল বৰা।

পাঞ্জাবাৰীস্থিত আইচিআইচিআই বেংকৰ শাখাৰ বাহিৰত ৰখাই থোৱা গাড়ীৰ ভিতৰতে দুপৰীয়াৰ ভাগত তেওঁক গুলীয়াই হত্যা কৰে যুৱককেইজনে।

মহানগৰ কাহিলীপাৰা অঞ্চলৰ বাসিন্দা বৰাক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু দিনৰ প্ৰায় ১২.৪৪ বজাত তেওঁক মৃত ঘোষণা কৰা হয়।

যোৱা ১২ বছৰ ধৰি তেওঁ পশ্চিম অসম গাখীৰ উৎপাদক সমবায় সংঘ লিমিটেড (পূৰবি দুগ্ধ)ৰ সৈতে গাখীৰ আৰু গাখীৰৰ সামগ্ৰীৰ বিতৰক হিচাপে জড়িত হৈ আছিল।

গুৱাহাটীৰ কাহিলীপাৰা আৰু গণেশগুৰি অঞ্চলৰ খুচুৰা বিক্ৰেতাৰ নেটৱৰ্ক কমাণ্ড কৰি পূৰবী ডেইৰীৰ অন্যতম প্ৰতিষ্ঠিত বিতৰক আছিল বৰা।