গুৱাহাটীত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ ৩ জনক আটক

585

গুৱাহাটীৰ শৰাইঘাট দলঙৰ সমীপত ৭৫০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইনসহ অসম আৰক্ষীৰ এটা দলে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

গুৱাহাটী আৰু কামৰূপ আৰক্ষী উভয়ৰে গঠিত আৰক্ষীৰ দলটোৱে এক নিৰ্দিষ্ট ইনপুটৰ ভিত্তিত এখন বাহন আটক কৰি ৭৫০ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে।

খবৰ অনুসৰি, বাহনখন চালান লৈ পশ্চিমবংগ অভিমুখে গৈ আছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে কয় যে, ‘এটা যৌথ অভিযানত গুৱাহাটী আৰু কামৰূপ আৰক্ষীয়ে শৰাইঘাট দলঙৰ সমীপত এখন চাৰিচকীয়া বাহনৰ ভিতৰত লুকুৱাই ৰখা ৭৫০ গ্ৰাম হেৰ’ইন জব্দ কৰিছে। বাহনখন চুবুৰীয়া ৰাজ্য এখনলৈ গৈ আছিল। ৩ অভিযুক্তক আটক কৰা হৈছে।”

বাহনখন জব্দ কৰি তদন্ত আৰম্ভ কৰা হৈছে।