গুৱাহাটীত বৃদ্ধি পালে ফ্লেটৰ মূল্য

70

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হোৰাহোৰে বৃদ্ধি পোৱাৰ সময়তে এতিয়া অসম তথা গুৱাহাটীত বৃদ্ধি পালে ফ্লেটৰ মূল্যও। সোমবাৰৰ পৰা এতিয়া গুৱাহাটীত এটা ফ্লেটৰ প্ৰতি বৰ্গফুটত বৃদ্ধি পালে ৬০০ টকাকৈ।

AREIDAৰ এক সংবাদমেলত সভাপতি পি কে শৰ্মাই ফ্লেটৰ দাম বৃদ্ধিৰ বিষয়ে ঘোষণা কৰি কয় যে নিৰ্মাণ সামগ্ৰীৰ ক্ৰমবৰ্ধিত দাম বৃদ্ধিৰ বাবেই এতিয়া সুলভ ঘৰ একোটা প্ৰায় দুৰ্লভ হৈ পৰিছে। সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে নিৰ্মাতাসকল ভীষণ সমস্যাৰ সন্মুখীন হৈছে আৰু সেয়ে ফ্লেটৰ মূল্য বৃদ্ধিৰ বাহিৰে আন কোনো বিকল্প নাই। তেওঁ লগতে কয় যে আচলতে ২০২০ চনৰ পৰাই প্ৰতি বৰ্গফুটত ৬০০ টকাকৈ নিৰ্মাণ খৰচ বৃদ্ধি হৈছে।

শৰ্মাই জনায় যে নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত ১৯ বিধ সামগ্ৰীৰ দাম যোৱা দুই-আঢ়ৈ বছৰত ধাৰাবাহিকভাৱে বাঢ়ি আছে আৰু নিৰ্মাতাসকলৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। এনে অৱস্থাত যোৱা ২৬ মাৰ্চত সংস্থাৰ জৰুৰী সাধাৰণ বৈঠকত সকলো ফ্লেটৰ মূল্য ২০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি বৰ্গফুটত ৬০০ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়।