গুৱাহাটীত দিব্যাংগ অভাৱী লোকৰ কাষত ইয়ং ইণ্ডিয়ানছ গুৱাহাটী চেণ্টাৰ

57

দেশজোৰা লকডাউনৰ সময়ছোৱাত গুৱাহাটী মহানগৰীৰ ভিন্ন স্থানত অৱহেলিত আৰু বিশেষভাৱে সক্ষম অভাৱী লোকক সহায়ৰ হাত আগবঢ়াইছে চিআইআইৰ যুৱ গোট ইয়ং ইণ্ডিয়ানছৰ গুৱাহাটী চেণ্টাৰে। বৰ্তমানলৈকে এই চেণ্টাৰটোৱে ২০০ ৰো অধিক দিব্যাংগ লোকক সাহায্য আগবঢ়াইছে আৰু তেওঁলোকৰ ঘৰলৈ গৈ ৫ কেজিকৈ শুকান ৰেচন যোগান ধৰিছে। তাৰোপৰি চেণ্টাৰটোৰ সদস্য সকলে জিএমচিৰ কৰ্মচাৰী সকলৰ বাবে পৌৰ নিগমৰ আয়ুক্ত আইএএছ বিষয়া দেৱজ্যোতি হাজৰিকাৰ হাতত ৫০০০ কাপোৰৰ মাস্ক অৰ্পণ কৰে। এই সন্দৰ্ভত ৱাইআইৰ গুৱাহাটী চেণ্টাৰৰ অধ্যক্ষ হামাদ এম.এ. আৰ বাৰ্লেস্কাৰে কয়”-যি সকল লোক ওলাই আহিবলৈ অসুবিধাৰ সন্মুখীন হৈছে যিমান সম্ভৱ সিমান সেইসকলৰ ওচৰলৈ গৈ আমাৰ চেণ্টাৰে বৰঙণি যোগান ধৰিবলৈ চেষ্টা কৰিছে। ক’ভিড-১৯ৰ বিৰুদ্ধ যুঁজখনত আমি সকলো একত্ৰিত হৈছো আৰু এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিম বুলি আমি
আশাবাদী”। আনহাতে এই সন্দৰ্ভত চেণ্টাৰটোৰ এছেচিবিলিটি ভাৰ্টিকেলৰ অধ্যক্ষ নীতেশ টোডীয়ে কয়”-ক’ভিড-১৯ ৰ বিৰূদ্ধে যুঁজখনৰ সম্মুখৰ শাৰীতে আছে জিএমচি ৰ কৰ্মীসকল। মহানগৰীৰ আৱৰ্জনা সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি চেনিটাইজিঙলৈকে তেওঁলোকে নিষ্ঠাৰে কাম কৰি আহিছে আৰু সেয়ে তেওঁলোক সংক্ৰমিত হোৱাৰ সম্ভাৱনা অতি প্ৰৱল যাৰ বাবে আমি তেওঁলোকক সুৰক্ষা প্ৰদানৰ অৰ্থে মাস্ক যোগান ধৰাৰ সিদ্ধান্ত লৈছোঁ”। আনহাতে, এই সন্দৰ্ভত ৰুৰেল ইনিচিয়েটিভ ভাৰ্টিকেলৰ অধ্যক্ষ জ্যোতিষ্মান দত্তই পানীখাইটিৰ মহিলা সকলৰ দ্বাৰা গঠিত এটা আত্মসহায়ক গোটে মাস্ক প্ৰস্তুতৰে সহায় কৰে বুলি উল্লেখ কৰে”। উল্লেখযোগ্য যে, দেশজুৰি থকা ইয়ং ইণ্ডিয়ানছৰ ৪৬ টা চেণ্টাৰে লকডাউনৰ সময়ছোৱাত বিভিন্ন ধৰণেৰে বিভিন্ন জনক সহায় আগবঢ়াইছে।