অসমৰ কামৰূপ জিলাৰ কেইবাখনো বিদ্যালয়ৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ এক বৃহৎ সংখ্যক শিক্ষাৰ্থীয়ে গুৱাহাটীৰ পৰিৱেশ অনুকুলতা, জৈৱ বৈচিত্ৰ্য আৰু আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত আহৰণ কৰা ক্ষেত্ৰভিত্তিক গৱেষণালব্ধ আৰু চিন্তা-উদ্দীপক তথ্যসমূহ আৰাণ্যক মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত এখন হাইব্ৰিড সন্মিলনত উপস্থাপন কৰে ।
তৰুণ চামক আগন্তুক দিনত প্ৰাকৃতিক পৰিৱেশৰ মংগল আৰু প্ৰতিপালনৰ বাবে কাম কৰিবলৈ উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে অঞ্চলটোৰ আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু গৱেষণা সংস্থা আৰণ্যকে (www.aaranyak.org) উইপ্ৰ’ ফাউণ্ডেশ্যনৰ উইপ্ৰ’ আৰ্থিয়ান পদক্ষেপ আৰু এল ই এ এছ’চিয়েটছ চাউথ এছিয়া প্ৰাইভেট লিমিটেড (লাছা)ৰ সহায়ত এই সন্মিলন্খন আয়োজন কৰিছিল ।
এই হাইব্ৰিড সন্মিলনখনত নিজে উপস্থিত থাকি চাৰিখন বিদ্যালয় ক্ৰমে – নতুন গুৱাহাটী আদৰ্শ হাইস্কুল, সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, নতুন ফটাশিল টাউন হাইস্কুল, আৰু ৰাণী হাইস্কুলৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ গৱেষণালব্ধ তথ্যসমূহ উপস্থাপন কৰে আৰু তেওঁলোকৰ অভিজ্ঞতা আৰু কৃতিত্বৰ বিষয়ে ছাত্ৰ-ছাত্ৰী, গৱেষক, শিক্ষক আৰু সাধাৰণ জনতাৰে গঠিত দৰ্শকবৃন্দৰ আগত সদৰি কৰে ।
উইপ্ৰ’ আৰ্থিয়ান হৈছে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ বাবে ভাৰতৰ অন্যতম বৃহৎ বহনক্ষমতা শিক্ষা কাৰ্যসূচী । উইপ্ৰ’ ফাউণ্ডেচনে বিভিন্ন সামাজিক সংস্থাৰ সহযোগত সমগ্ৰ ভাৰতবৰ্ষতে বহনক্ষমতা আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ এই শৈক্ষিক কাৰ্যসূচী ৰুপায়ন কৰিছে আৰু অসমত আৰণ্যক তেওঁলোকৰ অংশীদাৰ।
উইপ্ৰ’ ফাউণ্ডেশ্যনৰ কাৰ্যসূচী প্ৰবন্ধক আৰতি হনুমন্তপ্পাই কয়, ‘আৰন্যাকৰ জৰিয়তে গুৱাহাটীৰ বিদ্যালয়সমূহত উইপ্ৰ’ আৰ্থিয়ান কাৰ্যসূচীয়ে এনে মাত্ৰা লাভ কৰা দেখি অত্যন্ত সুখী হৈছোঁ । শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ধাউতি আৰু আগ্ৰহ সঁচাই প্ৰেৰণাদায়ক আৰু আমি অনাগত বছৰবোৰত এই কাৰ্যসূচী অঞ্চলটোৰ আৰু অধিক বিদ্যালয়লৈ প্ৰসাৰিত যোৱা দেখিবলৈ পাম বুলি আশা কৰিছো।’
উল্লেখযোগ্য যে নতুন গুৱাহাটী আদৰ্শ হাইস্কুলে অসমৰ হৈ প্রথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানীয় উইপ্ৰ’ আৰ্থিয়ান বটাঁ ২০২২ লাভ কৰিছিল । এই বাৰ্ষিক বঁটাটোৰ জৰিয়তে উইপ্ৰ’ ফাউণ্ডেচনে সমগ্ৰ ভাৰতবৰ্ষত বহনক্ষমতা শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰা বিদ্যালয় অৰু মহাবিদ্যালয়সমূহক স্বীকৃতি প্ৰদান কৰে ।
ৰাণী হাইস্কুলৰ এগৰাকী জ্যেষ্ঠ শিক্ষয়িত্ৰী ড. প্ৰাৰ্থনা মুদৈয়ে কয়, “এই পদক্ষেপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ সামগ্ৰিক শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হৈছে। তেওঁলোকে নিজৰ চৌপাশৰ জৈৱ বৈচিত্ৰ্যৰ বিষয়ে উন্নততৰ জ্ঞান অৰ্জন কৰিছে” ।
নতুন ফটাশিল টাউন হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী গাৰ্গী পাঠকে মন্তব্য কৰে, “উইপ্ৰ’ আৰ্থিয়ান আৰু আৰণ্যকৰ এই পদক্ষেপৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা শিক্ষাই তেওঁলোকৰ জ্ঞানৰ পৰিসৰ বহল কৰিছে আৰু আশাকৰোঁ ই তেওঁলোকৰ লগতে আমাকো পৰিৱেশ আৰু প্ৰকৃতি ৰক্ষাৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব” ।
সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, নতুন ফটাশিল টাউন হাইস্কুল, আৰু ৰাণী হাইস্কুলক আঞ্চলিক পৰ্যায়ত পুৰষ্কৃত কৰা হয়। যোৱা ১১ ফেব্ৰুৱাৰীত বাংগালুৰুত হোৱা অনুষ্ঠানত উইপ্ৰ’ লিমিটেডৰ অধ্যক্ষ ঋষদ প্ৰেমজী আৰু আজিম প্ৰেমজী ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) অনুৰাগ বেহাৰে এই বঁটা প্ৰদান কৰে। কামৰূপৰ ৰাণী হাইস্কুলে শীৰ্ষ ৪০ ৰ তালিকাত স্থান লাভ কৰে।
নিউ গুৱাহাটী আদৰ্শ হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী বিনীতা বৰ্মন দত্তই কয়, “পূৰ্বতে আমি ভাবিছিলো যে আমি প্ৰকৃতিক কৰা ক্ষতিয়ে আমাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় । এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু মই জানিব পাৰিছো যে পৰিৱেশক কৰা ক্ষতিৰ প্ৰভাৱ আমাৰ ওপৰত পৰে আৰু ইয়াক ৰোধ নকৰিলে ই ভৱিষ্যতে আমাক অধিক ক্ষতি কৰিব” ।
সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ববিতা পাটোৱাৰীয়ে কয়, “বহনক্ষমতা আৰু আৱৰ্জনা সম্পৰ্কীয় কৰ্ম ভিত্তিক এই প্ৰকল্পৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পাঠ্যক্ৰমৰ বাহিৰেও বহু প্ৰত্যক্ষ জ্ঞান অৰ্জন কৰিছে। তেওঁলোকে বিভিন্ন ধৰণৰ আৱৰ্জনা আৰু আৱৰ্জনাই সৃষ্টি কৰা সমস্যাৰ লগতে আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে ল’বলগীয়া ব্যৱস্থাৰ বিষয়ে জ্ঞান লাভ কৰিছে”।
২০২২ চনত এই কাৰ্যসূচীয়ে ১২০০ৰো অধিক প্ৰকল্প লাভ কৰিছিল, ইয়াৰে ২০টাক বিজয়ী হিচাপে পুৰষ্কৃত কৰা হৈছিল, আনহাতে আন ২০টাক বাচনিভুক্ত কৰা হৈছিল।
সন্মিলনখনত শিক্ষা বিভাগৰ কামৰূপৰ জিলা কাৰ্যসূচী বিষয়া তাপসী শৰ্মা, উইপ্ৰ’ ফাউণ্ডেশ্যনৰ কাৰ্যসূচী প্ৰৱন্ধক আৰতি হনুমন্তপ্পা, আৰণ্যকৰ পৰিৱেশ শিক্ষা আৰু সামৰ্থ্য বিকাশ বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক জয়ন্ত কুমাৰ পাঠকৰ লগতে ধ্ৰুবাজ্যোতি কলিতা, ৱাছিমা বেগম আৰু বিদ্যালয়কেইখনৰ শিক্ষক, আৰণ্যকৰ কৰ্মচাৰী, শিক্ষানৱিচ আৰু স্বেচ্ছাসেৱক সকল উপস্থিত থাকে।
