‘গুডবাই’ – জন্মদিনৰ দিনাই চাঞ্চল্যকৰ সিদ্ধান্ত ল’লে আমিৰ খানে! ভাইৰেল ‘অন্তিম’ পোষ্ট!

97

নিজৰ ওপজা দিনৰ দিনাই এক ডাঙৰ সিদ্ধান্ত ল’লে বলীউদৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে (Aamir Khan)। পূৰ্বেই এই ইংগিত দিছিল অভিনেতাজনে। কিন্তু এইবাৰ সঁচাকৈয়ে ছচিয়েল মিডিয়াক চিৰবিদায় জনালে আমিৰে। টুইটাৰ, ইনষ্টাগ্ৰামসহ নিজৰ সকলো ছচিয়েল মিডিয়া হেণ্ডেল বন্ধ কৰি দিলে অভিনেতাজনে। ৫৬ সংখ্যক জন্মদিনৰ দিনাই এই ডাঙৰ সিদ্ধান্ত ল’লে অভিনেতাজনে। তেওঁ জনায়, অনুৰাগীসকলৰ সৈতে পূৰ্বে যিদৰে যোগাযোগ কৰিছিল, সেইদৰেই কৰিব আগন্তুক দিনত।

ছচিয়েল মিডিয়াত আমিৰ খানে লিখিছে, ‘‘মোৰ জন্মদিনত ইমান মৰম আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ। মোৰ হৃদয় পৰিপূৰ্ণ। কিন্তু এইটোৱে মোৰ ছচিয়েল মিডিয়াত অন্তিমটো পোষ্ট হ’ব। মই এনেও ইমান এটা সক্ৰিয় নাথাকো ছচিয়েল মিডিয়াত। সেয়ে একেবাৰেই বিদায় লৈছো। মই প্ৰথমে যিদৰে যোগাযোগ কৰিছিলো, সেইদৰেই কৰিম।’ একেটা পোষ্টতে নিজৰ প্ৰযোজনা সংস্থাৰ অফিচিয়েল হেণ্ডেলৰ লিংকো শ্বেয়াৰ কৰে আমিৰে। আগন্তুক দিনত তাতেই তেওঁৰ চিনেমা সংক্ৰান্তীয় খবৰ পোৱা যাব বুলি উল্লেখ কৰে অভিনেতাজনে।

উল্লেখযোগ্য যে ২০১৮ চনত ইনষ্টাগ্ৰামৰ যাত্ৰা আৰম্ভ কৰিছিল আমিৰে। নিজৰ মাতৃৰ বাবে এখন ফটো শ্বেয়াৰ কৰিছিল প্ৰথমবাৰ। ভাইৰেল হৈ পৰিছিল সেই ফটো। আমিৰক ইনষ্টাগ্ৰামলৈ স্বাগতম জনাইছিল সকলোৱে।

ছচিয়েল মিডিয়াই কামত কিছু বাধাৰ সৃষ্টি কৰে বুলি মত প্ৰকাশ কৰে বলীউদৰ ছিৰিয়াছ অভিনেতাজনে। নিজৰ কামত সম্পূৰ্ণৰূপে মনোযোগ দিয়াৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি জনা গৈছে। কিছুদিন আগতে আমিৰ খানে সিদ্ধান্ত লৈছিল পৰৱৰ্তী ছবি ‘লাল সিং চাড্ডা’ৰ মুক্তি পৰ্যন্ত নিজৰ মোবাইল ফোন বন্ধ কৰি ৰাখিব।