গুজৰাট সংঘৰ্ষৰ সময়ত যেতিয়া বাজপেয়ীয়ে নিজ হাতে লিখিছিল পদত্যাগ পত্ৰ, সখা হৈ কাষত থিয় দিছিল যশৱন্ত সিঙে

106

ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা যশৱন্ত সিঙৰ বিয়োগত আজি যেন থমকি ৰৈছে দেশৰ ৰাজনৈতিক মহল। প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অতি প্ৰিয় আছিল যশৱন্ত সিং। ৫বাৰ ৰাজ্যসভালৈ আৰু ৪ বাৰ লোকসভালৈ নিৰ্বাচিত হৈ দেশৰ ৰাজনীতিত দপদপাই থকা যশৱন্ত সিং আজি আমাৰ মাজত নাই! সেয়া যেন কল্পনা কৰিবলৈও কঠিন!

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এনডিটিভিৰ এটা সাক্ষাৎকাৰত ২০০৯ চনত যশৱন্ত সিঙে সেই মুহূৰ্তটোৰ কথা সোঁৱৰিছিল, যেতিয়া তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে পদত্যাগ কৰিব বিচাৰিছিল, অথচ সিঙৰ তৎপৰতাত তেওঁ পদত্যাগ কৰাৰ বিৰত আছিল। সেয়া আছিল ২০০২ চনৰ কথা। গুজৰাটৰ সংঘৰ্ষৰ সময়ত বাজপেয়ী ইমানেই দুখী হৈ পৰিছিল যে তেওঁ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত লৈ পেলাইছিল। বিদেশ যাত্ৰাৰ পৰা উভতি অহাৰ সময়ত বিমানৰ পৰাই তেওঁ এল কে আদৱানী আৰু তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লৈছিল। যেতিয়া তেওঁ গুজৰাট সংঘৰ্ষৰ বাবে নৰেন্দ্ৰ মোডীৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ কথা কৈছিল, তেতিয়া আদৱানীয়ে মানা কৰি কৈছিল- তেনে কৰিলে পৰিস্থিতি অধিক ভয়াবহ হ’ব!

এনডিটিভিৰ সাক্ষাৎকাৰটোত সাংবাদিক শেখৰ গুপ্তাৰ সন্মুখত যশৱন্ত সিঙে কথাবোৰ সুঁৱৰিছিল। তেওঁ কৈছিল, ‘তেতিয়া মোলৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰমোদ মহাজনৰ এটা ফোন আহিছিল। ফোনত তেওঁ কেৱল মোক যিমান সোনকালে পাৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ মাতি পঠিয়াইছিল। মই যেতিয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হওঁ, তেতিয়া বাজপেয়ী জী অতি দুখ মনেৰে বহি আছিল, তেওঁৰ কাষত থিয় দি আছিল দুগৰাকী সচিব।’

সিঙে পুনৰ কয়, ‘মই যেতিয়া সচিব দুজনক সেই ঠাই ত্যাগ কৰিব ক’লো, তেতিয়া তেওঁলোক আঁতৰি গ’ল। মই দেখিলো বাজপেয়ী জীয়ে নিজ হাতেৰে তেওঁৰ পদত্যাগ পত্ৰ লিখি আছে। তেওঁক মই সুধিলো- এয়া কি কৰি আছে? তেওঁ একো উত্তৰ নিদি বহি থাকিল।’

যশৱন্ত সিঙে কয় যে সেইদিনা বহু সময় ধৰি তেওঁৰ আৰু বাজপেয়ীৰ মাজত কথা হৈছিল আৰু অৱশেষত বাজপেয়ীৰ পদত্যাগ পত্ৰ ফালি পেলোৱা হৈছিল। বাজপেয়ীৰ অতি প্ৰিয় আৰু তেওঁৰ চৰকাৰৰ সেই সময়ৰ বিদেশ মন্ত্ৰীগৰাকীয়ে এদিন এনেকৈয়ে বাজপেয়ীক পদত্যাগত বাধা দিছিল।