শনিবাৰে গুজৰাটৰ নৱসাৰী জিলাত সংঘটিত হোৱা এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ পৰিয়ালক ২ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।
তেওঁৰ কাৰ্যালয়ে জনোৱা মতে, আহতসকলে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ৫০ হাজাৰ টকা লাভ কৰিব।
উল্লেখ্য যে, শনিবাৰে ঘাইপথত এখন এছ ইউ ভি আৰু বিলাসী বাছৰ সংঘৰ্ষত কমেও ৯ জন লোকৰ মৃত্যু হয়।
