অসম চৰকাৰৰ গৰুখুটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা আমদানি কৰা ১০৮ জনী গীৰ গাই কাইলৈ অসম পাবহি। উল্লেখ্য যে, অসম চৰকাৰে এদিনত ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে। গৰুখুটিয়ে লক্ষ্য হিচাপে লৈছে ৩ লাখ লিটাৰ গাখীৰ উৎপাদনৰ।
মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুটিত সূচনা হ’ব কৃষি বিপ্লৱৰ। দখলমুক্ত চৰকাৰী ভূমিত আৰম্ভ হৈছে কৃষি বিপ্লৱ। মাহ, সৰিয়হ, গোমধান, শাক-পাচলি উৎপাদনৰ কাম আৰম্ভ হৈছে গৰুখুটিত।
