গুজৰাটৰ চুৰাটত সংঘটিত শোকাৱহ দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । মঙলবাৰে পুৱতি নিশা চুৰাটৰ কছম্বা গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনাটো । ২১ জনীয়া এটা শ্ৰমিকৰ দল ফুটপাথত শুই থকা অৱস্থাত এখন ট্ৰাকে মহটিয়াই থৈ যায় লোকসকলক। এগৰাকী ৫ বছৰীয়া কন্যা শিশুসহ ১৫ গৰাকী শ্ৰমিক নিহত হয় দুৰ্ঘটনাটোত ।
তাৰে ১৩ গৰাকী থিতাতে নিহত হোৱাৰ লগতে দুগৰাকী চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় । বাকী আহতকেইজন বৰ্তমানেও চিকিৎসাধান অৱস্থাত আছে । ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱায়। আটাইকেইজন দিনহাজিৰা কৰা শ্ৰমিক ৰাজস্থানৰ বনস্বাৰা জিলাৰ । দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনে নিয়ন্ত্ৰন হেৰুৱাই কুঁহিয়াৰভৰ্তি অন্য এখন ট্ৰাকত খুন্দা মাৰি ফুটপাথৰ ওপৰেৰে গুচি যায় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে নিহতৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু-আৰোগ্য কামনা কৰে । লগতে আহত সকলৰ বাবেও ৫০ হাজাৰকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে ।
