গুজৰাটত কংগ্ৰেছ বিধায়কৰ জোঁৱায়েকে মহতিয়াই নিলে ৬ জনক…

89

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী কাণ্ডৰ দৰেই একেই ঘটনা সংঘটিত হ’ল এইবাৰ গুজৰাটত। গুজৰাটৰ এগৰাকী কংগ্ৰেছ বিধায়কৰ জোঁৱায়েকে ৩ মহিলাসহ ৬ জনক গাড়ীৰে মহতিয়াই নিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে উত্তপ্ত হৈ পৰিছে ৰাজ্যখনৰ ৰাজনৈতিক মহল।

ইতিমধ্যে আৰক্ষীয়ে কংগ্ৰেছী বিধায়কজনৰ জোঁৱায়েকক আটক কৰাৰ লগতে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন। সমাগত গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত সংঘটিত এই ঘটনাক লৈ সৰৱ হৈ পৰিছে এতিয়া শাসকীয় বিজেপি।

গুজৰাট আৰক্ষীৰ সূত্ৰ অনুসৰি আনন্দ চহৰৰ ৰাজ্যিক ঘাইপথত বৃহস্পতিবাৰে এক দুৰ্ঘটনা সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে, সেইদিনা সন্ধিয়া প্ৰায় ৭ বজাত অসাৱধান গতিৰে অহা এখন এছ ইউ ভি গাড়ীয়ে পিছফালৰ পৰা একেৰাহে এখন বাইক আৰু এখন অটো ৰিক্সাত খুন্দা মাৰে। বাইকখনত থকা দুজন লোক আৰু অটোৰিক্সাত থকা চাৰিজন লোকৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাটোত গাড়ীৰ চালকজন গুৰুতৰভাৱে আহত হয়। আহত জনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

তদন্তকাৰীয়ে তেওঁ মদ্যপান কৰিছিল নে নাই সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। গুজৰাট আৰক্ষীয়ে দাবী কৰা মতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখ সজিতৰা বিধানসভাৰ কংগ্ৰেছ বিধায়ক পুনমভাই মাধৱৈ পৰমাৰৰ জোঁৱায়েক কেতন পদীধৰৰ। গাড়ীখনৰ নম্বৰ প্লেটখন উদ্ধাৰ কৰে। অতিৰিক্ত আৰক্ষী অধীক্ষক আনন্দই জানিবলৈ দিয়ে যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

তদন্তকাৰীৰ মতে, নিহত ৩ গৰাকী মহিলা ৰাখী বন্ধন উৎসৱলৈ গৈছিল। তাৰ পৰা ঘৰলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু হয় দুয়োৰে। তেওঁলোকৰ নাম জয়াবেন মিষ্ট্ৰী, জানহনিবেন মিষ্ট্ৰী, বীনাবেন মিষ্ট্ৰী। সম্পৰ্কত মাতৃ কন্যা। দুৰ্ঘটনাত নিহত আন তিনিজন হৈছে যশন ভোৰা, যোগেশ আৰু সন্দীপ।

এই ঘটনাৰ পিছত গুজৰাটত আৰম্ভ হৈছে ৰাজনৈতিক অস্থিৰতা। ঘটনা সন্দৰ্ভত গুজৰাট বিজেপিৰ মুখপাত্ৰ শ্বাহজাদ পুনৱালাই টুইট কৰে। এয়াই কংগ্ৰেছৰ প্ৰকৃতছবি বুলি তেওঁ টুইটত লিখিছে। কিন্তু এই সন্দৰ্ভত এতিয়াও কংগ্ৰেছে কোনো সঁহাৰি দিয়া নাই।