গীতে-মাতে দীপৰ বিলৰ পাৰৰ দেউছটালত ন খোৱা উৎসৱ উদযাপন

96

গুৱাহাটী: অসম আৰু অসমীয়াৰ কৃষিজীৱী জনজীৱনৰ লগত অতীজৰে পৰা পৰম্পৰাগতভাবে উদযাপন কৰি অহা আঘোঁণ মাহৰ ন খোৱা উৎসৱ উপলক্ষে ৯ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ উদুলি-মুদূলি পৰিবেশৰ সৃষ্টি হয় গুৱাহাটীৰ দীপৰ বিলৰ পাৰৰ দেউছটালৰ ৰংমন ইক’ কেম্পৰ গাতে লগা সমাজকৰ্মী আৰু নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপীৰ বাসগৃহ চৌহদ ।

ন খোৱা উৎসৱত গুৱাহাটীৰ সাংসদ কুইন ওজা , গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া , প্ৰাক্তন পাৰিষদ দেৱজিৎ ৰাজবংশী , ৰামচাৰাণী জিলা পৰিষদৰ সদস্যা শিখা নাথ চৌধুৰী , আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী , সদস্যদ্বয় হীৰেণ ইংতি আৰু দীনেশ বড়ো , কাৰ্বি বাংঠে অসমৰ পশ্চিম গুৱাহাটীৰ কাৰ্যকৰী সভাপতি কেষ্টৰাম ৰংপী , বি জে পি ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰশান্ত মহন্ত , গুৱাহাটী জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৰজ্যোতি ডেকাকে ধৰি বহু বিশিষ্ট লোকে ভাগ লয় ।

আনহাতে এই উপলক্ষে বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত সাংসদ কুইন ওজাই ভাষণ প্রসংগত পুৰণি দিনৰ ন খোৱা উৎসৱৰ স্মৃতি ৰোমন্থন কৰি উৎসৱে অসমৰ কৃষক ৰাইজৰ মাজত একতাৰ এনাজৰীডাল অধিক বৃদ্ধি কৰিছে বুলি ব্যক্ত কৰে ।

ইফালে ন খোৱা উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেবাটাও শিল্পীৰ দলে বিহু , বড়ো , কাৰ্বি নৃত্য , জনপ্ৰিয় শিল্পী ভৃগু কাশ্যপ , মিছ দীপজ্যোতি গগৈ , পবিত্ৰ পি কেকে ধৰি কেবাজনো ন-পুৰণি শিল্পীয়ে সংগীত পৰিবেশন কৰি উপস্থিত তিনি শতাধিক লোকক আপ্লুত কৰে । আনহাতে ন খোৱা উৎসৱৰ লগত ৰাখি নিশা সমূহীয়া ভোজনত পৰম্পৰাগত খাদ্য সম্ভাৰেৰে সকলোকে আপ্যায়ন কৰা হয় ।