গাভৰু নৈৰ বালিচৰত লাভলীনাৰ চিত্ৰ অংকন কৰি অভিনন্দন ভাস্কৰ্য শিল্পী ৰঞ্জন শইকীয়াৰ

110

ইতিহাস ৰচনা কৰি টকিঅ’ অলিম্পিকত ছেমিফাইনেলত প্ৰৱেশ কৰা অসম কন্যা লাভলীনা বৰগোঁহাইক লৈ এতিয়া কেৱল অসমতেই নহয়, সমগ্ৰ দেশত ব্যাপক উছাহ। নিজৰ অপ্ৰতিৰোধ্য প্ৰদৰ্শনেৰে কাইলৈ অনুষ্ঠিত হ’বলগীয়া ছেমিফাইনেলতো প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি স্বৰ্ণজয়ৰ সপোন সাৰ্থক কৰিব বুলি সকলোৱে আশাৰে বাট চাই ৰৈছে।

ইফালে লাভলীনাৰ এই বিশ্বজয়ী যাত্ৰাত অনেক জনে নানা ধৰণেৰে জ্ঞাপন কৰিছে শুভেচ্ছা। গাভৰু নৈৰ বালিচৰত লাভলীনাৰ চিত্ৰ অংকন কৰি ভাস্কৰ্যশিল্পী ৰঞ্জন শইকীয়াই অভিনন্দন জনায় অসম গৌৰৱ লাভলীনাক।

উল্লেখ্য যে বিভিন্ন সময়ত বলুকা ভাস্কৰ্য্যৰ জৰিয়তে ঢেকীয়াজুলিৰ শিক্ষক তথা শিল্পী ৰঞ্জন শইকীয়াই বালিচৰত সহযোগীৰ সহযোগত তেওঁৰ হাতৰ পৰশত বিভিন্ন জনক প্ৰেৰণা উৎসাহ দিয়াৰ সমান্তৰালকৈ লাভলীনালৈ এনেদৰেই মৰম আৰু শুভেচ্ছা যাঁছি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।