শুকুৰবাৰে বগীবিল দলঙৰ পৰা এজন যুৱকে লুইতত জঁপিওৱা কাণ্ডই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
লুইতত জাঁপ দিয়া যুৱকজনক তিনিচুকীয়াৰ নিৱাসী অংকিত দত্ত গুপ্তা বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি অংকিতক ডিব্ৰুগড় জিলাৰ বৰবৰুৱা চুকাফা তিনিআলিৰ পৰা অৰুণাচল প্ৰদেশ অভিমুখে যাত্ৰা কৰা দেখা গৈছিল।
নদীত জপিয়াই পৰা যুৱকজনৰ সন্ধান বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে৷ ইফালে, বিষয়টোৰ তদন্তও অব্যাহত আছে।
অভিযানৰ সময়ত ঘটনাস্থলীৰ পৰা এটা লেপটপ আৰু এটা মোবাইল ফোনকে ধৰি কেইবাটাও ব্যক্তিগত সামগ্ৰী উদ্ধাৰ কৰা হয়।
ঘটনাস্থলীত অংকিতৰ পৰিয়ালৰ লোক উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, অংকিত অৰুণাচলৰ নৰ্থ ইষ্টাৰ্ণ ৰিজিঅ’নেল ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজি (NERIST)ত অধ্যয়ন কৰি আছিল।
বুধবাৰে পৰীক্ষাৰ মাজতে অংকিত পৰীক্ষা হলৰ পৰা ওলাই আহিছিল।
