গাড়ীৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ অস্কাৰজয়ী ছবি ‘পেৰাচাইট’ৰ অভিনেতা লী-ছান-কিউনক

279

অস্কাৰ বিজয়ী ছবি ‘পেৰাচাইট’ৰ চৰিত্ৰৰ বাবে জনপ্ৰিয় দক্ষিণ কোৰিয়াৰ অভিনেতা লি ছান-কিউনক বুধবাৰে এখন গাড়ীৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

খবৰ অনুসৰি, লী (৪৮)ক চেণ্ট্ৰেল ছিউল পাৰ্কত এখন গাড়ীত মৃত অৱস্থাত উদ্ধাৰ হয়।

অভিনেতাগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পূৰ্বে তেওঁৰ পত্নীয়ে আৰক্ষীক অভিনেতাগৰাকীক ঘৰৰ পৰা হঠাৎ ওলাই যোৱাৰ কথা অৱগত কৰিছিল। লগতে ছুইচাইড নোট ধৰণৰ এক পত্ৰও ঘৰত লাভ কৰা বুলি অৱগত কৰিছিল পত্নীয়ে।

উল্লেখ কৰিব পাৰি যে গাঞ্জা আৰু অন্যান্য মনোসক্ৰিয় ড্ৰাগছৰ ব্যৱহাৰৰ অভিযোগত লীয়ে আৰক্ষীৰ তদন্তৰ অধীনত আছিল।

চলিত বৰ্ষৰ অক্টোবৰৰ শেষৰ ফালে তদন্তকাৰীৰ সৈতে সাক্ষাৎ কৰিবলৈ ইঞ্চিয়ান আৰক্ষী থানাত প্ৰৱেশ কৰাৰ পূৰ্বে লীয়ে সাংবাদিকৰ আগত কৈছিল, “এনে অপ্ৰীতিকৰ কাণ্ডৰ সৈতে জড়িত হৈ বহু লোকক যথেষ্ট হতাশাৰ সৃষ্টি কৰাৰ বাবে মই আন্তৰিকতাৰে ক্ষমা বিচাৰিছো। এই মুহূৰ্তত ইমান কঠিন যন্ত্ৰণা সহ্য কৰি থকা মোৰ পৰিয়ালটোৰ প্ৰতি মোৰ দুখ লাগে।”