গাজাৰ হাস্পতালত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক! কমেও ৫০০ লোকৰ মৃত্যুৰ দাবী হামাছৰ…

227

হামাছৰ অধীনস্থ গাজা চহৰৰ এখন চিকিৎসালয়ত সংঘটিত ৰকেট আক্ৰমণত কমেও ৫০০ লোকৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে। এই আক্ৰমণত বহু লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোক আহতও হয়। হামাছে দাবী কৰিছে যে ইজৰাইলে এয়াৰ ষ্ট্ৰাইকেৰে চিকিৎসালয়খনক লক্ষ্য কৰি লৈছিল। ইজৰাইল সেনাই কয় যে তেওঁলোকে কোনো চিকিৎসালয়ক বোমা বিস্ফোৰণৰ লক্ষ্য কৰি লোৱা নাই। উল্লেখ্য যে এই আক্ৰমণ সংঘটিত হৈছে মধ্য গাজাৰ আল আহলি হাস্পতালত।

ইজৰাইলৰ বিমান আক্ৰমণত গাজা চহৰৰ এখন চিকিৎসালয়ত শ শ লোক নিহত হোৱা বুলি হামাছৰ দ্বাৰা পৰিচালিত অঞ্চলটোৰ স্বাস্থ্য বিষয়াসকলে প্ৰকাশ কৰিছে। গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ এজন বিষয়াই জনোৱা মতে, কমেও ৫০০ লোক নিহত আৰু কেইবাশতাধিক লোক আহত হৈছে।

ইফালে এই আক্ৰমণৰ বাবে ইজৰাইলে ইছলামিক জেহাদক জগৰীয়া কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ ডেনিয়েল হাগাৰীয়ে জনোৱা মতে, এই ঘটনাৰ সময়ত গাজাৰ পৰা নিক্ষেপ কৰা ৰকেট আল-আহলী হাস্পতালৰ কাষেৰে পাৰ হৈ গৈছিল। ইজৰাইলৰ পৰা চিকিৎসালয়খনত কোনো আক্ৰমণ হোৱা নাই। তেওঁ কয় যে চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰিছে যে এই ৰকেটসমূহ ইছলামিক জেহাদে নিক্ষেপ কৰিছিল যি চিকিৎসালয়খনৰ ওপৰত পৰিছিল আৰু ইয়াত নিৰীহ লোকৰ মৃত্যু হৈছিল।

ইজৰাইলৰ সেনাই কয় যে ৭ অক্টোবৰত যুদ্ধ আৰম্ভ হোৱাৰ পৰাই গাজাস্থিত সন্ত্ৰাসবাদী সংগঠনসমূহে নিয়মিতভাৱে ইজৰাইলৰ ফালে ৰকেট নিক্ষেপ কৰি আহিছে, ইয়াৰে প্ৰায় ৪৫০টা ৰকেট তেওঁলোকৰ ভূখণ্ডত পৰিছে। ইয়াৰে বহু ৰকেট গাজাৰ আৱাসিক অঞ্চলত পৰি জীৱন আৰু সা-সম্পত্তিৰ যথেষ্ট ক্ষতিসাধন হয়।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱেও এই গাজাৰ চিকিৎসালয়ত আক্ৰমণ সন্দৰ্ভত এক বিবৃতি দিছে। তেওঁ কয় যে একাধিক সূত্ৰৰ পৰা পোৱা চোৰাংচোৱা তথ্যই ইংগিত দিছে যে গাজাৰ আল আহলি চিকিৎসালয়ত ৰকেট নিক্ষেপ কৰাৰ ব্যৰ্থতাৰ বাবে ইছলামিক জেহাদ দায়ী। নেতানিয়াহুৱে কয় যে সমগ্ৰ বিশ্বই জনা উচিত যে গাজাৰ হাস্পতালত গাজাৰ বৰ্বৰ সন্ত্ৰাসবাদীয়েহে আক্ৰমণ কৰিছিল, আইডিএফে নহয়। আমাৰ সন্তানক নিৰ্মমভাৱে হত্যা কৰা লোকসকলেও নিজৰ সন্তানক হত্যা কৰিছে।

আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ইজৰাইললৈ ৰাওনা হৈছে। দুপৰীয়া ইজৰাইলৰ ৰাজধানী টেল আভিভত উপস্থিত হ’ব। টেল আভিভত বাইডেনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে কথা পাতিব।

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু পশ্চিম এছিয়াৰ নেতাসকলৰ সৈতে হোৱা বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছে। এজন জ্যেষ্ঠ বিষয়াই এই তথ্য প্ৰদান কৰিছে। বিষয়াগৰাকীয়ে কয় যে গাজাৰ চিকিৎসালয়খনত সংঘটিত হোৱা আক্ৰমণৰ প্ৰতিবাদত আব্বাছে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লা আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছিৰ সৈতে আজি জৰ্ডানৰ আম্মানত পৰিকল্পিত বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া আছিল আব্বাছ। এই বৈঠকত তেওঁ বাইডেনৰ সৈতে ইজৰাইল-হামাছ যুদ্ধৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলগীয়া আছিল।