গহপুৰ আৰক্ষী থানাৰ পুনৰ নিৰ্মিত ভৱন উদ্বোধন

91

ষ্টাফৰিপৰ্টাৰ, ১৯৪২ চনৰ ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে অজস্ৰ মুক্তিকামী জনতাৰ সৈতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহি ব্ৰিটিছৰ গুলীত গহপুৰ আৰক্ষী থানাৰ সন্মুখত প্ৰাণ আহুতি দিছিল। সেই ঐতিহাসিক ঘটনাক চিৰযুগমীয়া কৰি ৰখাৰ বাবে মঙলবাৰে থানাখনৰ পুনৰ নিৰ্মিত ভৱন উদ্বোধন কৰি ৰাইজৰ প্ৰতি উৎসৰ্গা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই ক্ষণত ভাৰত ত্যাগ আন্দোলনৰ সেইসকল বীৰ-বীৰাঙ্গনাক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰে লগতে যিসকলৰ স্বদেশপ্ৰেম আৰু অতুলনীয় ত্যাগে আমাক সদায়েই উদ্বুদ্ধ কৰি আহিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।