গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত খানাপাৰা খেলপথাৰত ৮০টাৰো অধিক চিচিটিভি কেমেৰা স্থাপন আৰক্ষীৰ…

171

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত নিৰাপত্তা নিশ্চিত কৰিবলৈ গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ আৰু আশে-পাশে স্থাপন কৰা হৈছে ৮০টাৰো অধিক চিচিটিভি কেমেৰাত।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ত্ৰিৰংগা উন্মোচন কৰিবলগীয়া এই অনুষ্ঠানটোত কোনো ধৰণৰ যাতে নিৰাপত্তা ক্ৰুটি ৰৈ নাযায় তাৰ বাবে আৰক্ষী আৰু স্নিফাৰ ডগো মোতায়েন কৰা হৈছে।

কামৰূপ (মেট্ৰ’)ৰ উপ আয়ুক্ত পল্লৱ গোপাল ঝাই কয় যে খানাপাৰাত গণৰাজ্য দিৱসৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে য’ত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব।

“গণৰাজ্য দিৱস উদযাপনৰ সৈতে জড়িত আসনৰ ব্যৱস্থা আৰু অন্যান্য কাৰ্যসূচী সকলো ক্ৰমত সম্পন্ন হ’ব। পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰীয়ে।’

খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ এইবাৰ কোনো বিশেষ অতিথি নিমন্ত্ৰণ কৰা হোৱা নাই।
মঙলবাৰে সন্ধিয়া গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ বুজ লয় ঝা আৰু গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। মঙলবাৰে আৰক্ষীয়ে পেৰেডৰ চূড়ান্ত আখৰা কৰে।

সভাস্থলী আৰু ইয়াৰ আশে-পাশে পৰ্যাপ্ত আৰক্ষী জোৱান নিয়োগ কৰা হৈছে বুলিও বৰাই কয়। খানাপাৰা খেলপথাৰৰ আশে-পাশে যান-বাহনৰ চলাচল সন্দৰ্ভত এডভাইজাৰী জাৰি কৰা হ’ব বুলিও তেওঁ কয়। গণৰাজ্য দিৱস শান্তিপূৰ্ণভাৱে উদযাপন কৰিবলৈ ৰাইজক আহ্বান জনায়।

গণৰাজ্য দিৱসৰ সুৰক্ষিত গণৰাজ্য দিৱস সুনিশ্চিত কৰিবলৈ গুৱাহাটীৰ ৰাজপথত বিশেষকৈ নিশাৰ ভাগত পৰীক্ষণৰ কামো তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে।