গণধৰ্ষণৰ বলি হৈ সমাজৰ ভয়ত আত্মহত্যাৰ পথ বাচি ল’লে এগৰাকী কিশোৰীয়ে

82

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথৰসৰ গণধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে সৃষ্টি হোৱা উত্তেজনা মাৰ নৌযাওতেই এইবাৰ পুনৰ এক অমানৱীয় কাণ্ড সংঘটিত হ’ল বিহাৰত। বিহাৰৰ গয়া জিলাৰ কোচ থানাৰ অন্তৰ্গত গাঁৱৰ এগৰাকী দলিত সম্প্ৰদায়ৰ কিশোৰী গণধৰ্ষণৰ বলি হোৱাৰ পিছত সমাজৰ ভয়ত আত্মহত্যাৰ পথ বাচি ল’বলগা হয়।

কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগ অনুসৰি, গাঁৱৰ এঘৰৰ বাৰ্থ ডে’ পাৰ্টিৰ পৰা উভতি অহাৰ সময়ত ৪ পাষণ্ডই কিশোৰীগৰাকীক বলাৎকাৰ কৰে। এই ঘটনাৰ পিছত সমাজৰ ভয়ত কিশোৰীগৰাকীয়ে আত্মহত্যা কৰে। কিশোৰীগৰাকীৰ মাতৃয়ে ইতিমধ্যে ৰাহুল কুমাৰ, চিন্টু কুমাৰ আৰু চন্দন কুমাৰৰ লগতে আন এজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও অভিযুক্ত বৰ্তমানেও পলাতক হৈ আছে। ইফালে, উত্তৰ প্ৰদেশৰ হাথৰসৰ জঘন্য কাণ্ডৰ পিছত বিহাৰৰ এই ঘটনাক লৈও এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।