গণতান্ত্ৰিক আন্দোলনৰ নেতা-কৰ্মীৰ ওপৰত আৰক্ষীৰ দমন আৰু বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ প্ৰতিবাদ ‘আইছা’ৰ

82

কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সোমবাৰে অখিল গগৈসহ কা বিৰোধী নেতা কৰ্মীসকলৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি আহ্বান জনোৱা প্ৰতিবাদ কাৰ্যসূচী কামৰূপৰ মিৰ্জাত কা বিৰোধী সংগ্ৰামী ঐক্যমঞ্চৰ মাত্ৰ ১৩, ১৫ জন কৰ্মীয়ে সামাজিক দূৰত্ব মানি ৰূপায়ণ কৰি থকাৰ সময়ত পলাশবাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়াই গ্ৰেপ্তাৰ কৰি চাংসাৰি হেভেলছ কোৱাৰেণ্টিন চেণ্টাৰলৈ লৈ যোৱা, মাৰপিট কৰা আৰু হাতত ষ্টাম্প মাৰি নিশা হোম কোৱাৰেণ্টিন কৰি ঘৰলৈ পঠাই দিয়া কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাইছে “নিখিল ভাৰত ছাত্ৰ সন্থা(আইছা)”ৰ অসম ৰাজ্যিক কমিটীয়ে। আন্দোলনকাৰীৰ লগত পুলিচ প্ৰশাসন তথা চৰকাৰৰ এই ব্যৱহাৰ চৰম নিন্দনীয়। নিখিল ভাৰত ছাত্ৰ সন্থা ৰ অসম ৰাজ্যিক সমিতি সভাপতি সুব্ৰত তালুকদাৰ আৰু সম্পাদক ধনঞ্জয় দাসে কয় “যিহেতু চৰকাৰে লক-ডাউনৰ সকলো নিয়ম শিথিল কৰি দিছে সেয়েহে সামাজিক দূৰত্ব মানি গণতান্ত্ৰিক আন্দোলন কৰাটো একো অপৰাধ হ’ব নোৱাৰে। বৰঞ্চ এইয়া সাংবিধানিক অধিকাৰ। আনহাতে যি সময়ত শাসক দলে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে, দলীয় সভা সমিতি কৰিছে, মন্ত্ৰীয়ে সাংবাদিক সভা কৰি ফুৰিছে, আনকি নামঘৰ আদিতো দলে বলে প্ৰবেশ কৰিব পাৰিছে তেনে সময়ত সংগঠনসমূহৰো গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। আন্দোলনকাৰীক উঠাই নি কোৱাৰেণ্টাইন চেণ্টাৰলৈ পঠিয়াই দিয়া আৰু হোম কোৱাৰেণ্টাইন কৰাৰ অধিকাৰ পুলিচ প্ৰশাসনে ক’ত পালে?? এইয়া সম্পূৰ্ণৰূপে গণতন্ত্ৰৰ পৰিপন্থী আৰু ই কৰোণাক প্ৰতিবাদী কণ্ঠ দমনৰ বাবে ব্যৱহাৰ কৰাৰ জঘন্য উদাহৰণ।
প্ৰেছ বিজ্ঞপ্তিটোত আনহাতে বাঘজানৰ তৈলখাদত হোৱা বিস্ফোৰণ আৰু ভয়াবহ অগ্নিকাণ্ডৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু অতি ক্ষিপ্ৰতাৰে জুই নুমুৱাবলৈ আৰু অঞ্চলটোৰ বাসিন্দা আৰু জীৱকূলৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যোৱা ১৩ দিন ধৰি ডিব্ৰু চৈখোৱাৰ বাঘজানৰ তৈলখাদত গেছ নিৰ্গমণ হৈ আছিল, কিন্তু ইয়াক বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অইল ইণ্ডিয়া, ৰাজ্য চৰকাৰে কোনো ক্ষিপ্ৰ ব্যৱস্থাই নললে। পৰিণতিত এই ভয়াবহ অগ্নিকাণ্ড সংঘটিত হল। আইছাই বিজ্ঞপ্তিটোত কয় যে অসমৰ প্ৰাকৃতিক সম্পদ লুট কৰিবলৈ কৰ্পৰেটক লাইচেঞ্চ দিয়া চৰকাৰখনে এই ভয়ানক ক্ষতিৰ দায়িত্ব স্বীকাৰ কৰিব নে? জন শুনানী অনুষ্ঠিত কৰি জনগণৰ মতামত গ্ৰহণ কৰাৰ নিয়ম নামানি, সমস্ত প্ৰতিবাদক ভেঙুচালি কৰি ডিব্ৰু চৈখোৱাত চৰকাৰে হাইড্ৰকাৰ্বণ নিষ্কাষণ কৰিবলৈ আৰু খাদ বঢ়াবলৈ অনুমতি দিছিল। চৰকাৰে বাঘজানৰ ঘটনাৰ দায় এৰাই চলিব নোৱাৰে। জনগণ তথা জীৱকূলক বলিৰ পঠা বনাই, পৰিবেশ ধ্বংস কৰি কৰ্পৰেটক লুটপাত চলাবলৈ অনুমতি দিয়াৰ চৰকাৰৰ কোনো অধিকাৰ নাই। আইছাই এই ঘটনাৰ বাবে উচ্চ পৰ্যায়ৰ তদন্ত কৰা, দোষী বিষয়াক কঠোৰ শাস্তি দিয়ক, জনগণক সমস্ত ক্ষতিৰ সম্পূৰ্ণ ক্ষতিপূৰণ প্ৰদান কৰা, নতুুনকৈ ডিব্ৰু চৈখোৱাৰ হাইড্ৰকাৰ্বণ নিষ্কাষণ আৰু খাদ বঢ়োৱাৰ অনুমতি বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।