গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰপতিৰ পদকেৰে সন্মানিত হ’ব ডি আই জি ভায়লেট বৰুৱা

61

৭১ সংখ্যক গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিব অসমৰ ভায়লেট বৰুৱাই । ভায়লেট বৰুৱা অসম আৰক্ষীৰ কোকৰাঝাৰ জিলাৰ উপ-মহাপৰিদৰ্শক । ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা আৰক্ষী বিষয়া ভায়লেট বৰুৱা । জনসাধাৰণৰ হকে আগবঢ়োৱা নিঃস্বাৰ্থ সেৱাৰ বাবে প্ৰতিবছৰে প্ৰদান কৰা হয় এই পুৰস্কাৰ । অসমৰ আন ১৩ গৰাকী আৰক্ষীকো গণতন্ত্ৰ দিৱসত প্ৰদান কৰা হ’ব ৰাষ্ট্ৰপতিৰ এই বিশেষ পদক ।