গঠন হ’ল কৃষক মুক্তি আৰু ‘কা’ বিৰোধী ৭০ সংগঠনৰ উদ্যোগত ‘ৰাইজৰ দল’

68

গুৱাহাটীঃ ৰাজ্যত আত্মপ্ৰকাশ ঘটিল পুনৰ এটা ৰাজনৈতিক দলৰ। শুকুৰবাৰে গুৱাহাটীৰ হোটেল গেট ৱে’ত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ‘কা’ বিৰোধী ৭০ সংগঠনৰ উদ্যোগত গঠন কৰা হয় ‘ৰাইজৰ দল’ নামৰ আঞ্চলিক দলটোৰ।

নতুন ৰাজনৈতিক দলটোত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আহ্বায়ক হিচাপে আছে সংগঠনৰ সভাপতি ভাস্কো ডি শইকীয়া, কাৰ্যকৰী সভাপতি অনিল বড়ো আৰু উপদেষ্টা হুছেইন মহম্মদ ছাহজাহান। উল্লেখ্য যে, কিছুদিন পূৰ্বে তেজপুৰত গঠন হোৱা ‘সংযুক্ত আঞ্চলিক দল’-য়েও এই ‘ৰাইজৰ দল’ গঠনত সহযোগিতা আগবঢ়াইছে। সংযুক্ত আঞ্চলিক দলৰ হৈ আজিৰ অনুষ্ঠানত উপস্থিত থাকে অৰূপ বৰবৰা, ছবি নিৰ্মাতা জাহ্নু বৰুৱাৰ লগতে কেইবাগৰাকী বিষয়ববীয়া।

প্ৰণিধানযোগ্য যে, আছু আৰু এৱাইজেচিপিৰ সন্মিলিত উদ্যোগত ‘অসম জনতা দল’ গঠনৰ সময়ত কৃষক মুক্তিয়ে একেখন পতাকা, একেটা প্ৰতীক চিহ্নৰ তলত একগোট হৈ নিৰ্বাচনৰ বাবে সাজু হোৱাৰ পোষকতা কৰিছিল যদিও আছু আৰু এজেৱাইচিপিয়ে কোনো গুৰুত্ব প্ৰদান নকৰাত অৱশেষত কৃষক মুক্তি আৰু ‘কা’ বিৰোধী ৭০টা সংগঠনে ‘ৰাইজৰ দল’ গঠন কৰিবলগা হয়।