গংগাৰ পানীৰে নিৰ্মিত কোভিড-১৯ ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল সন্দৰ্ভত আদালতৰ শুনানি

88

গংগা জলৰ দ্বাৰা নিৰ্মিত কোভিড-১৯ ভেকচিনৰ ক্লিনিকেল ট্ৰায়েলৰ দাবীৰে এলাহাবাদ আদালতত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্ছ আৰু ভাৰত চৰকাৰৰ ন্যায়িক কমিটীলৈ জাননী জাৰি কৰিছে ন্যায়ালয়ে। ন্যায়ালয়ে এই সন্দৰ্ভত ভাৰত চৰকাৰ আৰু অন্য বিৰোধী পক্ষৰ পৰা ৩ সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে।

উল্লেখ্য যে, বাৰানসী হিন্দু বিশ্ববিদ্যালয়ৰ নিউৰোলজী বিভাগৰ প্ৰৱক্তা ডা০ বিজয় নাথ মিশ্ৰৰ নেতৃত্বত চিকিৎসকৰ এটা দলে গংগা নদীৰ পানীৰ ওপৰত অধ্যয়ন কৰি এক ন’জেল স্প্ৰে’ প্ৰস্তুত কৰি উলিয়াইছিল। চিকিৎসকৰ দলটোৱে দাবী কৰা মতে, এই ন’জেল স্প্ৰে’ৰ ব্যৱহাৰেৰে কোৰোনাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰি।

গংগা জলৰ দ্বাৰা নিৰ্মিত ভেকচিনৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে চিকিৎসকৰ দলটোৱে ভাৰত চৰকাৰৰ ন্যায়িক সমিতিলৈ নিবেদন জনোৱাৰ পিছতো কোনো নিৰ্ণয় লাভ নকৰাত ভেকচিন নিৰ্মাতাৰ হৈ অধিবক্তা অৰুণ কুমাৰ গুপ্তাই এলাহাবাদ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে।