খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক গ্ৰেপ্তাৰ

161

ভুৱা গোচৰ ৰুজু কৰি ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাক।

ধূলা থানাৰ অ’চি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়তে এগৰাকী চিকিৎসক আৰু এগৰাকী শিক্ষকৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰি ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল উৎপল বৰাৰ বিৰুদ্ধে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উৎপল বৰাই দুয়োজন ব্যক্তিৰ পৰা ৫ লাখ টকা দাবী কৰিছিল।

বৰ্তমান মঙলদৈ থানাত জেৰা চলাই থকা হৈছে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনক।