খানাপাৰাত বিজেপিৰ দৃশ্যশ্ৰাব্য বাহন মুকলি…

71

অসম বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে ভাৰতীয় জনতা পাৰ্টীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডাই অসম ভ্ৰমণ কৰি নিৰ্বাচনী ৰণডংকা বজোৱাৰ পিছতে এইবাৰ বিজেপিয়ে মুকলি কৰিলে ‘ৰাইজৰ আশা আমাৰ ইস্তাহাৰৰ ভাষা’ শীৰ্ষক দৃশ্যশ্ৰব্য বাহন। বুধবাৰে খানাপাৰাত বিজেপিৰ ‘ভিডিঅ’ ৰথ’ মুকলি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, কুইন ওজাৰ লগতে দলৰ ভালেকেইজন শীৰ্ষস্থানীয় নেতৃত্ব।

দলৰ বিশেষ দৃশ্যশ্ৰব্য বাহন মুকলি কৰি সভাপতি ৰঞ্জিত দাসে কয় যে বিধানসভা নিৰ্বাচনত বিজেপি অপ্ৰতিৰোধ্য শক্তি হিচাপে অৱতীৰ্ণ হ’ব। সীমান্ত ছীল কৰাৰ লগতে ৫ লাখ ভূমিহীন পৰিয়ালক ভূমিপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। আনহাতে আগন্তুক নিৰ্বাচনত দলৰ কর্মীৰ সক্ৰিয়তাৰ লগতে চৰকাৰৰ সফলতাই বিজেপিৰ মূলমন্ত্ৰ হ’ব বুলিও মন্তব্য কৰে ৰঞ্জিত কুমাৰ দাসে।