ষ্টাফৰিপৰ্টাৰ, ২৬ মে’ : মঙলবাৰে কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ বাবে ২৫০ টা খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়াইছে আজমল ফাউণ্ডেচনে ৷ আজমল ফাউণ্ডেচনৰ হৈ কৰিমুদ্দিন বৰভূঞা আৰু আব্দুল্লা চৌধুৰীয়ে আনুষ্ঠানিক ভাৱে এই খাদ্য সামগ্ৰী কাগজ কলটোৰ কৰ্মচাৰী হাতত প্ৰদান কৰিছে ৷ কৰ্মচাৰী সকলে আজমল ফাউণ্ডেচনৰ চি ই অ তথা সাংসদ মৌ বদৰুদ্দিন আজমলৰ শলাগ লয় ৷ উল্লেযোগ্য যে ইতিমধ্যে আজমল ফাউণ্ডেচনে অসমৰ উপৰিও ভাৰতৰ বিভিন্ন প্ৰান্তত লকডাউনৰ ফলত সমস্যাত পৰা লোকসকলৰ বাবে প্ৰায় এক লাখ সত্তৰ হাজাৰ খাদ্য সামগ্ৰীৰ টোপোলা বিতৰন কৰিছে ৷ তদুপৰি বিভিন্ন জনলৈ আৰ্থিক সহযোগিতাও আগবঢ়াইছে ৷ আজি কাছাৰ কাগজ কলত আজমল ফাউণ্ডেচনে খাদ্যৰ টোপোলা বিতৰন কৰা কাৰ্যসুচীত স্থানীয় বিধায়ক নিজামুদ্দিন চৌধুৰীও উপস্থিত থাকে ৷
